মৰিগাঁও,26ছেপ্টেম্বৰঃ
"বন্ধ হৈ থকা কাগজ কলৰ নামত ভাৰত চৰকাৰে বিনিয়োগ কৰা ৪১৪১ কোটি টকা কলৈ গ'ল? এই টকাৰে কল দুটাৰ কৰ্মচাৰীয়ে দৰমহাও পোৱা নাই আৰু বন্ধ মিল দুটা কাৰ্যক্ষমো হোৱা নাই । অথচ এই বৃহৎ পৰিমাণৰ ধনৰাশি সংসদত খৰচৰ শিতানত দেখুওৱা হৈছে !"
বৃহস্পতিবাৰে জাগীৰোডত নগাঁও কাগজ কল কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ওৱৰ্কাচ ইউনিয়নে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰে এই অভিযোগ ৷
অভিযোগ অনুসৰি, হিন্দুস্তান কাগজ নিগমৰ অধীনত থকা নগাঁও আৰু কাছাৰ কাগজ কলত ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈকে এই সময়ছোৱাত ভাৰত চৰকাৰে বিনিয়োগ কৰিছিল প্ৰায় ৪১৪১ কোটি টকা । কিন্তু বন্ধ হৈ থকা কাগজ কলত বিনিয়োগ কৰা বৃহৎ পৰিমাণৰ ধন চৰকাৰে ক'ত খৰচ কৰিলে বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে কল দুটাৰ ভুক্তভোগী কৰ্মচাৰীয়ে ।
ইফালে, সংবাদমেলত কাগজকল ব্যক্তিগতকৰণৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাঁও আৰু কাছাৰ কাগজকল দুটা NRLক দিব লাগে বুলি দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে । লগতে কাগজকল পুনৰুজ্জীৱিতকৰণ আৰু প্ৰাপ্য দৰমহা আদায়ৰ দাবীত ধাৰাবাহিকভাৱে চলাই অহা সংগ্ৰাম তথা ন্যায়িক যুঁজ আগবঢ়াই নিবৰ বাবে কৰ্মচাৰীসকলক প্ৰয়োজন হৈছে আৰ্থিক সাহায্য । এই সংবাদমেলতে কৰ্মচাৰী ইউনিয়নে শুভাকাংক্ষীসকলক কানাড়া বেংকৰ 1436101021448 IFC code CNRB 0001436 নম্বৰত আৰ্থিক সাহায্য দিব পাৰিব বুলিও জনিবলৈ দিয়ে ।