ETV Bharat / state

Mobile Veterinary Clinic: মৰিগাঁৱত মুকলি ভ্ৰাম্যমাণ পশুধন সাৰথি - পশুধন সাৰথি

মৰিগাঁৱত মুকলি ভ্ৰাম্যমাণ পশু চিকিৎসালয় ৷ এটা ফোন কৰিলেই এতিয়াৰে পৰা পশুপালকৰ পদূলিত উপস্থিত হ’ব পশু চিকিৎসক ৷ শনিবাৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মুকলি কৰিলে পশুধন সাৰথি ৷

Inaugurate Mobile Veterinary Clinic in Morigaon
ভ্ৰাম্যমাণ পশু চিকিৎসালয়‌
author img

By

Published : Jul 2, 2023, 1:33 PM IST

মৰিগাঁৱত মুকলি ভ্ৰাম্যমাণ পশু চিকিৎসালয়‌

মৰিগাঁও, 2 জুলাই: শনিবাৰে মৰিগাঁও জিলা পশু চিকিৎসা আৰু পশুপালন বিভাগৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ভ্ৰাম্যমাণ পশু চিকিৎসালয়‌ বাহন মুকলি মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাৰ ৷ এতিয়াৰে পৰা 1962 নম্বৰত ফোন কৰিলেই মৰিগাঁৱৰ পশুপালক সকলৰ পদূলিত উপস্থিত হ’ব ভ্ৰাম্যমাণ পশুধন সাৰথি ৷ মৰিগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতিয়ে আঁত ধৰা এই অনুষ্ঠানত ফ্লেগ অফ কৰি ভ্ৰাম্যমাণ পশু চিকিৎসালয় বাহনৰ উদ্ধোধন কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷

এই কাৰ্যসূচীৰ দ্বাৰা জিলাখনৰ জাগীৰোড, মায়ং, ঝাৰগাঁও, লাহৰীঘাট, চৰাইবাহী এই পাঁচটা এলেকাত পশুক চিকিৎসা সেৱা আগবঢ়োৱাৰ ওপৰিও শনিবাৰে জিলাখনৰ জাগীৰোডতো প্ৰথমখন ভ্ৰাম্যমাণ পশু চিকিৎসাৰ বাহন মুকলি কৰা হয় ৷ এই পশু চিকিৎসাৰ বাহন মুকলি কৰি জিলা আয়ুক্ত দেবাশীষ শৰ্মাই কয় যে, এই পশু চিকিৎসাৰ জৰিয়তে জিলাখনৰ পশুপালক সকল যথেষ্ট উপকৃত হ'ব ৷ লগতে জিলাখনত পশু চিকিৎসাৰ ক্ষেত্ৰখন যথেষ্ট উন্নত হ’ব বুলি মন্তব্য কৰে জিলা আয়ুক্ত গৰাকীয়ে ৷

তেওঁ কয় যে, আজিলৈকে জিলাখনৰ পশুপালক সকলে দূৰ-দূৰণিৰ চিকিৎসালয়লৈ আহি পশুৰ বাবে প্ৰয়োজনীয় ঔষধ নিব লগা হৈছিল ৷ কিন্তু এতিয়াৰে পৰা পশুপালক সকলৰ এই সমস্যা দূৰ হ’ব ৷ কিয়নো 1962 নম্বৰত ফোন কৰিলেই এতিয়াৰে পৰা পশু পালক সকলে পশুৰ বাবে লাভ কৰিব প্ৰয়োজনীয় ঔষধ তথা চিকিৎসা ৷

ইফালে মৰিগাঁও জিলা পশুপালন আৰু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতিয়ে সংবাদ মাধ্যমক সদৰী কৰা মতে জিলাখনত যাতে পশু পালকসকলে পশু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনাই ৷

লগতে পঢ়ক: Scam in PMGKAY in Gohpur :গহপুৰৰ সমবায়ত দৰিদ্ৰ জনতাৰ চাউল হৰলুকি, গ্ৰেপ্তাৰ ৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.