মৰিগাঁও, 11 জুলাই : মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত দীৰ্ঘদিন ধৰি মানৱ দেহৰ অংগৰ বেহা(illegal organ trade) চলাই নিয়া মাষ্টৰ মাইণ্ড(master mind) পৰিল ৰাইজৰ ৰোষত । কথাৰে ফুচুলাই দ্ৰৰিদ্ৰ লোকক কলিকতালৈ নি মানৱদেহৰ অংগ বিক্ৰী কৰি আহিছিল ধৃত মহিলা গৰাকীয়ে । তেওঁৰ সৈতে মিলি নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰি ঘৰ চলাইছে বহু দ্ৰৰিদ্ৰ লোকে ৷ পৰিয়ালৰ লোকৰ চিকিৎসা ব্যয় বহন কৰিবলৈ বাধ্যত পৰিও শৰীৰৰ অংগ বিক্ৰী কৰি আহিছে বহুজনে ৷
অৱশেষত, 5-6 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতিত অংগ বিক্ৰী কৰাৰ পাছত বন্দবস্ত কৰা মূল্য নাপাই এজন ভুক্তভোগী কিডনী বিক্ৰেতা(kidney seller)ই এই কথা পোহৰলৈ আনে । ইয়াৰ পিছতেই একেধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহে মৰিগাঁও জিলাৰ নেলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ধৰমতুল গাঁৱত । উত্থাপিত অভিযোগ মতে, এগৰাকী মহিলাৰ নেতৃত্বত বহু দিনৰ পৰা চলি আছে মানৱ দেহৰ অংগৰ ব্যৱসায় ৷
একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰি লয় এই চক্ৰটোৱে ৷ কেইবা লাখ টকাৰ প্ৰলোভন দি বচা বচা একাংশ দ্ৰৰিদ্ৰ লোকক কিডনী বিক্ৰী কৰিবলৈ সন্মত কৰাই এজেন্ট তথা দালাল চক্ৰই ৷ মৰিগাঁও দক্ষিণ ধৰমতুলৰ একাংশ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত দেওবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত মাষ্টাৰ মাইণ্ড লিলিমাই বড়োক নেলী আৰক্ষীয়ে অটক কৰিবলৈ সক্ষম হয় ।
স্বাঞ্চল্যকৰ বিষয় যে, সমগ্ৰ অসমত দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকক জালত পেলাই আহিছে গুৱাহাটী মহানগৰৰ লখৰাৰ বাসিন্দাৰ লিলিমাই বড়োৱে ৷ দেওবাৰে কেইবাগৰাকী লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজ তথা মহিলা গাঁওৰক্ষী বাহিনীৰ ফাণ্ডত পৰে মহিলা গৰাকী ৷ এখন বিলাসী বাহনত অহা মহিলাগৰাকীৰ পৰা ভিডিপি(VDP)য়ে চেক বুক(Checkbook) আৰু নগদ 41000/- টকা উদ্ধাৰ কৰে ৷
পাছত মহিলাগৰাকীক ৰাইজে নেলী আৰক্ষীৰ হাতত গতাই দিয়ে ৷ ঘটনা সন্দৰ্ভত নেলী আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত ৷ মানৱ দেহৰ এনে অংগ ব্যৱসায়ী চক্ৰ বোৰৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক : এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা