মৰিগাঁও , ১৪ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন শিক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাইমাদ্ৰাছা পৰীক্ষা । চলিত বৰ্ষত সৰ্বমুঠ ৩৫২১৪৩ গৰাকী শিক্ষাৰ্থীয়ে হাইমাদ্ৰাছা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । সৰ্বমুঠ ৮৫৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা; ইয়াৰে ৭০ টা স্পৰ্শকাতৰ আৰু ২০ টা অতি স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ চিনাক্ত কৰিছে ছেবাই । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৩৪২৭০২ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ'ব ৯৪৪১ গৰাকী পৰীক্ষাৰ্থী ।
ছেবাই নিয়াৰিকৈ পৰীক্ষা অনুস্থিত কৰাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা । মৰিগাঁও জিলাত মুঠ এঘাৰ হাজাৰ পৰীক্ষাৰ্থী ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ছেবাৰ সকলো নিদ্দেৰ্শনা মানি পৰীক্ষা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই । ছেবাৰ নিৰ্দেশনা মানি পৰীক্ষা কেন্দ্ৰ সমূহত চি চি টি ভিৰ ব্যৱস্থা কৰা হৈছে ।