ETV Bharat / state

Minister Keshab Mahanta distributes cheques: ঋণী মহিলা হিতাধিকাৰীলৈ সাহাৰ্য বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

মৰিগাঁৱত ক্ষুদ্ৰ ঋণী মহিলা হিতাধিকাৰীলৈ চৰকাৰী সাহাৰ্য বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা 'অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১'ৰ(Assam Micro Finance Incentive and relief Scheme) অধীনত বিতৰণ কৰা হয় এই সাহাৰ্যৰাশি ৷

Morigaon Keshab Mahanta
অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত সাহাৰ্যৰাশি বিতৰণ
author img

By

Published : Oct 28, 2022, 9:30 PM IST

নিউজ ডেস্ক, ২৮ অক্টোবৰ: ক্ষুদ্ৰ ঋণগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা 'অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১'ৰ অধীনত মৰিগাঁও জিলাৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ মাজত শনিবাৰৰ পৰা আৰম্ভ হৈছে চৰকাৰী সাহাৰ্যৰাশি বিতৰণ প্ৰক্ৰিয়া । মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শুকুৰবাৰে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই(Health Minister Keshab Mahanta) জিলাখনৰ ক্ষুদ্ৰ ঋণগ্ৰস্ত দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰী মহিলাসকললৈ উদগণিমূলক সাহাৰ্যৰ চেক বিতৰণ প্ৰক্ৰিয়া উদ্বোধন কৰে ।

Morigaon Keshab Mahanta
অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত সাহাৰ্যৰাশি বিতৰণ

ৰাজ্যখনত ক্ষুদ্ৰ ঋণ গ্ৰহণৰ পাছত নিয়মীয়া ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ৮৯ দিন পৰ্যন্ত বিলম্ব ঘটা ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিবলৈ ৰাজ্য চৰকাৰে এই আঁচনিখনৰ অধীনৰ দ্বিতীয় পৰ্যায়ৰ সাহাৰ্য বিতৰণ প্ৰক্ৰিয়া আজিৰে পৰা মুকলি কৰিছে । এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত মৰিগাঁও জিলাৰ ২০০০ গৰাকী হিতাধিকাৰী মহিলাৰ মাজত উদগনিমূলক সাহাৰ্যৰ চেক বিতৰণৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগেও অংশগ্ৰহণ কৰে ৷

জিলাখনৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰী মহিলাসকলৰ মাজত চৰকাৰী সাহাৰ্যৰাশি বিতৰণ প্ৰক্ৰিয়া মুকলি কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকল ঋণমুক্ত কৰিবলৈ অসম চৰকাৰে ৰূপায়ণ কৰা এই জনকল্যাণকামী আঁচনিখনে(Assam Micro Finance Incentive and relief Scheme 2021) ৰাজ্যত মহিলাৰ সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাতো সহায় কৰিব । ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজে যাতে স্বচ্ছলভাৱে জীৱন-যাপন কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে ইতিমধ্যে বিভিন্ন যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে, আমাৰ চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টি এলেকাতে নতুনকৈ পাঁচ হাজাৰকৈ হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে । একেদৰে ৰাজ্যখনত ৰেচন কাৰ্ডৰ হিতাধিকাৰী সংখ্যাও বৃদ্ধি কৰা হ'ব । ৰাজ্যখনৰ দুখীয়া লোকসকলৰ বাবেও উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ইতিমধ্যে এক অতি মহত্বপূৰ্ণ কাৰ্যব্যৱস্থা আৰম্ভ কৰিছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ৰেচন-কাৰ্ডধাৰী প্ৰতিটো পৰিয়ালেই চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত বছৰি পাঁচ লাখ টকা পৰ্যন্ত ব্যয়ৰ উন্নত চিকিৎসা সেৱা চৰকাৰী খৰছত লাভ কৰিব পাৰিব ।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ইয়াৰ বাবে আমাৰ চৰকাৰে ৰাজ্যৰ সকলো ৰেচন-কাৰ্ডৰ হিতাধিকাৰী পৰিয়ালৰে ঘৰে ঘৰে গৈ আয়ুস্মান ভাৰত স্বাস্থ্য কাৰ্ড প্ৰদানৰ ব্যৱস্থা হাতত লৈছে ।' মৰিগাঁও জিলাস্তৰীয় দ্বিতীয় পৰ্যায়ৰ ক্ষুদ্ৰ ঋণী মহিলা হিতাধিকাৰী উদগণিমূলক সাহাৰ্যৰ চেক বিতৰণৰ এই শুভাৰম্ভণি অনুষ্ঠানত বহুসংখ্যক হিতাধিকাৰী মহিলাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Army Helicopter Crash Controversy: আদি সম্প্ৰদায়ৰ বসতিস্থানত কোনো দেশবিৰোধী কাৰ্যকলাপ সহ্য কৰা নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.