ETV Bharat / state

Health camp in Morigaon: ‘‘সঞ্জীৱনী সংঘ"ৰ উদ্যোগত জাগীৰোড-নেলীত স্বাস্থ্য শিবিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:01 PM IST

জিএমচিএইছৰ মহিলা চিকিৎসকৰ "সঞ্জীৱনী সংঘ"ৰ উদ্যোগত জাগীৰোড-নেলী স্বাস্থ্য শিবিৰ সম্পন্ন ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত গোপালকৃষ্ণ চাহ বাগিচাত চিকিৎসা শিবিৰ সম্পন্ন হয় ৷

Health camp in Morigaon
সঞ্জীৱনী সংঘৰ উদ্যোগত জাগীৰোড নেলীত স্বাস্থ্য শিবিৰ

মৰিগাঁও, 9 ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ‌ জাগীৰোড-নেলী অঞ্চলৰ চাহ শ্ৰমিক সকল উপকৃত হোৱাকৈ জাগীৰোডৰ সমীপৱৰ্তী নেলীৰ গোপালকৃষ্ণ চাহ বাগিচাত আজি এক স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসকৰ সংগঠন "সঞ্জীৱনী সংঘ"ই আয়োজন কৰে এই স্বাস্থ্য শিবিৰ ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত শনিবাৰে অনুষ্ঠিত স্বাস্থ্য শিবিৰত সততে উন্নত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত চাহ শ্ৰমিক সকলক বিভিন্ন ৰোগৰ বিষয়ে অৱগত কৰে ৷ লগতে ইয়াৰ প্ৰতিকাৰৰ বাবে ল’বলগীয়া চিকিৎসাৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ মহিলা চিকিৎসকৰ দলটোৱে ৷

বিভিন্ন বিভাগৰ ২৫ গৰাকীকৈ বিশেষজ্ঞ মহিলা চিকিৎসকৰ দলটোৱে উক্ত স্বাস্থ্য শিবিৰত শতাধিক চাহ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ বিশেষকৈ শিশু আৰু মহিলা চাহ শ্ৰমিকসকল উপস্থিত থকা স্বাস্থ্য শিবিৰত ৰোগীৰ মধুমেহ, ব্লাড প্ৰেচাৰ আৰু হিমগ্লবিন আদি পৰীক্ষা কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ পাচত বিনামূলীয়া ঔষধ, আইৰন টেবলেট আৰু পুষ্টিকৰ আহাৰ বিতৰণ কৰে ৷

তদুপৰি চাহ শ্ৰমিকৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলকৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰে সমৃদ্ধ একোটাকৈ কিতাপৰ টোপোলা প্ৰদান কৰে "সঞ্জীৱনী সংঘ"ৰ মহিলা চিকিৎসকৰ দলটোৱে ৷ চিকিৎসা শিবিৰত প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ শ্বাশ্বতী চৌধুৰী, কমিউনিটি মেডিচিন বিভাগৰ ডাঃ জ্যোতিকা ওজা, দন্ত চিকিৎসক ৰুবী কটকী, মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ উমা কাইমল শইকীয়া, ৰঞ্জন ৰশ্মি বিশেষজ্ঞ ডাঃ পাৰুল দত্ত, পেথ'লজিষ্ট ডাঃ উষা, সঞ্জীৱনী সংঘৰ সভানেত্ৰী তথা নেফ্ৰলজিষ্ট ডাঃ মঞ্জুৰী শৰ্মা আৰু সম্পাদিকা ডাঃ মৌচুমী শইকীয়া উপস্থিত আছিল ৷ মহিলাৰ ৰক্তহীনতা, স্তনৰ কৰ্কট ৰোগ, আদি স্বাস্থ্য সম্পৰ্কীয় সজাগতা আৰু দিহা পৰামৰ্শ আগবঢ়াই ৷ শিবিৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই কয় যে, মাতৃসকল স্বাস্থ্যৱান হ’লেহে এখন সমাজ স্বাস্থ্যৱান হ’ব ৷

লগতে পঢ়ক:Press Meet of Tiwa organization :দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ তিৱা সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.