মৰিগাঁও, 26 নৱেম্বৰ : এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত নহয়, স্কুলৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিলে(Half Yearly Exam Question Paper Leaked) সৃষ্টি কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ ৷
পৰীক্ষাৰ পূৰ্বেই নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে ৷ এই কাণ্ড সংঘটিত হৈছে মৰিগাঁৱৰ শিক্ষা বিভাগত(Morigaon education department) ৷ বৃহস্পতিবাৰে জিলাখনৰ 22 টাকৈ পৰীক্ষা কেন্দ্ৰত পুৱা আৰু আবেলি অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা বাতিল কৰা হয় (half yearly exam cancelled at Morigaon)।
উত্থাপিত অভিযোগ অনুসৰি, লাহৰীঘাটৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে প্ৰশ্ন কাকতৰ ক্ৰম অনুসৰি নকল লিখি থকাৰ সময়তে ধৰা পৰে শিক্ষকৰ হাতত ৷ ইয়াৰ পাচতে প্ৰশ্ন কাকত ফাদিলৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে(question paper leaked before exam) ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাৰ নিৰ্দেশ মৰ্মে সমাজ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হয় ।
এক সূত্ৰই জনোৱা মতে, ফাদিল হোৱা সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন লাহৰীঘাটত ছপা কৰা হৈছিল । ইফালে এই পৰীক্ষাটো আগন্তুক 29 নৱেম্বৰত পুনৰ অনুষ্ঠিত কৰাৰ বাবে জিলা শিক্ষা বিভাগে গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা । এই সন্দৰ্ভত সংশ্লিষ্ট সকলোকে তদন্তৰ আঁওতালৈ আনিব বুলি সদৰী কৰে জিলা শিক্ষা বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক : Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া