ETV Bharat / state

Drug Peddling in Assam:মৰিগাঁৱত আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী - মৰিগাঁৱত আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী

ৰাজ্য়ত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান অব্যাহত । ইয়াৰ মাজতেই মৰিগাঁৱত আৰক্ষীৰ অভিযানত গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ।

Anti drugs mission by Assam police
নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান
author img

By

Published : Jul 26, 2023, 2:53 PM IST

নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান

মৰিগাঁও, ২৬ জুলাই: বিগত কেইবামাহ ধৰি ৰাজ্যত আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে । বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও একাংশই ইয়াৰ মাজতেই চলাই আছে এনে বেহা । ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানতো আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ মাজতে আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত গাঞ্জা সৰবৰাহকাৰী ।

মৰিগাঁও জিলাৰ বৰালিমাৰী পাৰঘাটতত মঙলবাৰে নিশা অবৈধ গাঞ্জা সৰবৰাহৰকাৰীৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীয়ে যুটীয়া অভিযান চলায় । ভূৰাগাঁও আৰক্ষী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীয়ে চলোৱা এই অভিযানত ১৫ কেজি গাঞ্জাসহ আবুল কালাম নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

মৰিগাঁও জিলা বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই মঙলবাৰে নিশা ১০.৩০ বজাত মৰিগাঁও জিলা বৰালিমাৰীৰ সমীপৰ বেতনি লঞ্চ ঘাটত ভুৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্তৰ বৰগোহাঁইৰ নেতৃত্বত আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই । ধৃত আবুল কালামক বৰ্তমান ভুৰাগাঁও আৰক্ষী থানাত এই সন্দৰ্ভত সোধা-পোচা কৰি আছে ।

লগতে পঢ়ক:Health Tips: ফল-মূল, সতেজ শাক-পাচলি স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? ডায়েটিচিয়ান চিকিৎসক ডাঃ মেঘনা ডেকাৰ পৰা জানি লওক

উত্থাপিত অভিযোগ মতে,মৰিগাঁও জিলাৰ বিভিন্ন চৰত গোপনে খেতি কৰা গাঞ্জা এনেদৰে সমগ্ৰ জিলাখনতে যোগান ধৰি আহিছে । বিশেষকৈ শাওন মাহৰ বোল বোম চলি থকাৰ সময়ত গাঞ্জাৰ ৰমৰমীয়া বেহা চলোৱাৰ লক্ষ্যৰে এনেদৰে জিলাখনৰ বৰালিমাৰী চৰ, চিতলমাৰী চৰ, ৰৌমাৰী চৰ, ভকুৱামাৰী চৰ, কাউৰীহাগী চৰ, হামু চৰকে ধৰি কুৰিধিক চৰৰপৰা আৰক্ষীৰ চকুত ধূলি দি দৈনিক চলাই আহিছে গাঞ্জাৰ ৰমৰমীয়া বেহা ।

লগতে পঢ়ক:Lachit Gogoi and Milan Buragohain viral phone call:বিজেপি নেতা আৰু আটাছুৰ বহিষ্কৃত সভাপতিৰ অডিঅ’ বাৰ্তাৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.