মৰিগাঁও,৩০ মে': মৰিগাঁও সমষ্টি প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ মঙলবাৰে দেহাৱসান ঘটে ৷ উল্লেখ্য় যে প্ৰাক্তন বিধায়িকাগৰাকী বিগত কিছুদিনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছিল ৷ আজি অৰ্থাৎ মঙলবাৰে পুৱা GMCHত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্য়াগ কৰে জোনজোনালী বৰুৱাই (Jonjonali Baruah passes away) ৷
উল্লেখ্য যে, তেওঁ মৰিগাওঁ জিলা কংগ্ৰেছ কমিটীৰ সুদীৰ্ঘ সময়ৰ বাবে নেতৃত্ব বহন কৰাৰ উপৰিও মৰিগাঁও সমষ্টিৰ পৰা তিনিটা কাৰ্যকালৰ বাবে বিধায়িকা হিচাবে নিৰ্বাচিত হৈছিল (Morigaon Ex MLA died in Guwahati) ৷ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে ।
কৰ্মময় জীৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভানেত্রী তথা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ (Morigaon District Sports Association) সভানেত্রীৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই (Assam Pradesh Congress Committee)।
প্ৰাক্তন বিধায়িকাগৰাকীৰ ইহলীলা সম্বৰণৰ খবৰ লাভ কৰাৰ পিছতে মৰিগাঁও চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি চহৰখনৰ ব্যৱসায়ী সকলে শ্ৰদ্ধাঞ্জলি জনায় (Tribute to Jonjonali Baruah in Marigaon)। একেদৰে প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ নশ্বৰদেহ জাগীৰোড মণ্ডল কংগ্ৰেছৰ কাৰ্যলয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয়, মৰিগাঁও লায়ঞ্চ ক্লাৱ, মৰিগাঁও সৰগম ক্লাৱ, মৰিগাঁও জিলা ক্ৰীড়া সন্থা আৰু কংগ্ৰেছ ভৱনৰ পিছত ৰজাগাঁৱৰ বাসগৃহত পৰিয়ালে সমবেদনা জ্ঞাপন কৰে । ইয়াৰ পিছতে স্বামীৰ সমাধি ক্ষেত্ৰৰ সমীপত সহস্ৰাধিক গুণমুগ্ধ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
প্ৰাক্তন বিধায়িকাগৰাকীয়ে মৃত্য়ুৰ সময়ত এজন পুত্ৰ সন্তানক এৰি থৈ যায় । প্ৰিয় নেত্ৰীগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতি তথা জিলা মিডিয়া ক্লাৱ, মৰিগাঁৱৰ সভাপতি, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰ, সম্পাদক জিতু মণি দাসে গভীৰ শোক প্ৰকাশ কৰিছে (Assam State Journalists Association)।
লগতে পঢ়ক: Morigaon Ex MLA passes away: মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান