মৰিগাঁও,11 অক্টোবৰ: এগৰাকী নাবালিকাৰ ধৰ্ষণৰ বিৰুদ্ধে গোচৰ চলি থকা সময়তে সমজুৱাভাৱে মীমাংসা কৰিবলৈ গৈ দেওবাৰে ৰঙাঘৰৰ আলহী হ’ল মৰিগাঁৱৰ মানিপুৰৰ পাঁচ আগশাৰীৰ ব্যক্তি । এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ মৰিগাঁও জিলাত ।
ঘটনা অনুসৰি, 1অক্টোবৰত মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মানিপুৰৰ 2 নং ঔজাৰি বৰী গাঁৱত সন্ধিয়া প্ৰায় 7 বজাত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ এজন লোকে ঘৰলৈ মাতি নি নিজৰ ঘৰতে নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলায় ৷
ঘটনা সন্দৰ্ভত পীড়িতাৰ পিতৃয়ে মৰিগাঁও আৰক্ষী থানাত 647/20 নম্বৰত গোচৰ ৰুজু কৰে ৷ মৰিগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 376(3)R/W আৰু POCSO আইনৰ 4 নং ধাৰাৰ অধীনত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
উক্ত ঘটনাত দুয়োটা পৰিয়ালৰ মাজত মীমাংসা কৰিবলৈ গৈ তিৱা স্বায়ত্ব পৰিষদৰ 6 নং মানিপুৰ সমষ্টিৰ সদস্য বুবুল পাটৰ,স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সঞ্জীৱ কুমাৰ নাথসহ দুয়োপক্ষৰ মাজত আপোচ মীমাংসা কৰাৰ সময়তে ভুক্তভোগী নাবালিকা গৰাকীৰ পিতৃয়ে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে নগদ দহ হাজাৰ টকা সহ পাঁচজনকে গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰতিবাদ মিথ্যাচাৰৰ বাহিৰে একো নহয় : অশোক শৰ্মা