ETV Bharat / state

লাহৰীঘাটত কৃতী শিক্ষাৰ্থীক অভিনন্দন

বৃহত্তৰ অঞ্চলৰ পৰা 2019 শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80 শতাংশ ও তাতোধিক নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 61 গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক ৷

author img

By

Published : Jun 24, 2019, 6:47 AM IST

লাহৰীঘাটত কৃতী শিক্ষাৰ্থীক অভিনন্দন

লাহৰীঘাট, 24 জুন: লাহৰীঘাটত কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা ৷ দেওবাৰে লাহৰীঘাটত উদ্দীপন সমন্বয় গোষ্ঠীৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় বৃহত্তৰ অঞ্চলৰ পৰা 2019 শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80 শতাংশ ও তাতোধিক নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 61 গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক ৷ কৃতী ছাত্ৰ-ছাত্ৰীসকলক এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিভাৱক সকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই গোষ্ঠীটোৱে ৷ উক্ত অনুষ্ঠানটোত মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ উৎপল নাথ, বিশিষ্ট সাংবাদিক নজৰুল ইছলাম, বিশিষ্ট চিকিৎসক ড০ জিয়া উল হকৰ লগতে উপস্থিত থাকে কেইবা শতাধিক শিক্ষাৰ্থীৰ লগতে স্থানীয় বহু সংখ্যক লোক ৷ উল্লেখ্য যে, উক্ত অনুষ্ঠানতে লাহৰীঘাট অঞ্চলৰ জেষ্ঠ্য নাগৰিক লয়ৰাম ডেকা, সফল কৃষক আফাজ উদ্দিন, ‌সফল অভিভাৱক ফজলুল ইছলাম, যুৱ উদ্যোগী নুৰুল হুদা, যুৱ সমাজ সেৱক নেকিবুল হকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

Intro:লাহৰীঘাটত কূতী শিক্ষাৰ্থীক অভিন্দনBody:লাহৰীঘাটত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা

লাহৰীঘাট উদ্দীপন সমন্বয় গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ পৰা ২০১৯ শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% ও ততোধিক নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ৬১ গৰাকী কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়।কৃতি ছাত্র-ছাত্ৰীসকলক এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু কিতাপেৰে সম্বৰ্ধনা জনোৱাৰ লগতে অবিভাৱক সকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষ স্বপ্ন নীল ডেকা,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ উৎপল নাথ,বিশিষ্ট সাংবাদিক নজৰুল ইছলাম,বিশিষ্ট চিকিৎসক ড০ জিয়া উল হকৰ লগতে কেইবা শতাধিক শিক্ষাৰ্থীৰ লগতে স্থানীয় বহু সংখ্যক লোক।উল্লেখ্য যে উক্ত অনুষ্ঠানতে লাহৰীঘাটৰ অঞ্চলৰ জেষ্ঠ্য নাগৰিক লয়ৰাম ডেকা,সফল কৃষক আফাজ উদ্দিন, ‌সফল অভিভাৱক ফজলুল ইছলাম,যুৱ উদ্যোগী নুৰুল হুদা,যুৱ সমাজ সেৱক নেকিবুল হকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.