ETV Bharat / state

Environment Education programme: মৰিগাঁও মহাবিদ্যালয়ত পৰিৱেশৰ বাবে জীৱন শৈলী সন্দৰ্ভত সপ্তাহযোৰা কাৰ্যসূচী - সংৰক্ষিত পৰিবহণ প্ৰযুক্তি

বুধবাৰে অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ত Environment Education Programme চমুকৈ EEP ৰ অধীনত পৰিৱেশৰ বাবে জীৱন শৈলী (A week for LiFE Campaign) শীৰ্ষক নামেৰে এক সপ্তাহযোৰা কাৰ্যসূচীৰ আৰম্ভ হৈছে ।

Environment Education programme
পৰিৱেশ সন্দৰ্ভত সজাগতা সভা
author img

By

Published : Mar 23, 2023, 11:46 AM IST

মৰিগাঁও, 23 মাৰ্চ : মৰিগাঁও মহাবিদ্যালয়ত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক নামেৰে এক সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ হৈছে ৷ অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে এই সপ্তাহযোৰা কাৰ্যসূচী ৷ Environment Education Programme চমুকৈ EEP ৰ অধীনত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব এই কাৰ্যসূচীত ৷

পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া, যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয় ৷ জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেষ, সংৰক্ষিত পৰিবহণ প্ৰযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে । ইফালে প্লাষ্টিকৰ ব্যৱহাৰে এফালৰ পৰা শেষ কৰি আনিছে পৃথিৱীখন ৷ চিংগল ইউজ প্লাষ্টিকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে পৃথিৱীখনক ৷ এই প্লাষ্টিকৰ ব্যৱহাৰ কিদৰে এৰাই চলিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰা হ’ব এই সপ্তাহযোৰা কাৰ্যসূচীত (Environment Education Programme) ৷

Environment Education programme
পৰিৱেশ সন্দৰ্ভত সজাগতা সভা

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শিকা বুলি গগৈ ভূঞাই ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ৷ জনপ্ৰিয় বক্তা ড৹ হেমাংগ জ্যোতি শৰ্মাইও অনুষ্ঠানটোত প্ৰদান কৰিলে তেখেতৰ সাৰুৱা ভাষণ । লগতে উপস্থিত থাকে অসম বিজ্ঞান সমিতিৰ সচিব শ্ৰী মৃণাল কুমাৰ হাজৰিকা, মৰিগাঁও কলেজৰ অধ্যক্ষ ড লীলা বৰঠাকুৰ, মৰিগাঁও শাখাৰ সভাপতি ড৹ ধনঞ্জয় কুশ্ৰে, সম্পাদক শ্ৰী নিৰোদ কুমাৰ বৰা, DNA সমন্বয়ক ইমদাদ আলী ।

প্ৰথম দিনৰ এই কাৰ্য্যসূচীৰ পৰিচালনা কৰে ড৹ নিলোফাৰ জেচমিনে । তাৰোপৰি জিলা ভিত্তিক শ্ল’গান আৰু পষ্টাৰ প্ৰতিযোগিতা এখনিও অনুষ্ঠিত কৰা হয় । তাৰোপৰি প্ৰথম দিনাৰ বিষয়ৰ সৈতে সংগতি ৰাখি leaflet বিতৰণ কৰা হয় ।

লগতে পঢ়ক : Hindu Hridoy samrat Award : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দু হৃদয় সম্ৰাট সন্মান প্ৰদান পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.