ETV Bharat / state

পবিতৰাত হাতীয়ে প্ৰাণ ল’লে মাউতৰ - আৰক্ষী বিষয়া

পবিতৰা অভয়াৰণ্যত গৰু বিহুৰ আনন্দ-উল্লাসৰ মাজতে মাউতৰ প্ৰাণ ল’লে এটা মাতাল হাতীয়ে ।

পবিতৰাত হাতীয়ে প্ৰাণ ল’লে মাউতৰ
পবিতৰাত হাতীয়ে প্ৰাণ ল’লে মাউতৰ
author img

By

Published : Apr 14, 2021, 7:28 PM IST

মৰিগাঁও,14 এপ্ৰিল: গৰু বিহুৰ দিনা পবিতৰাত অভয়াৰণ্যত সংঘটিত হৈছে এক অঘটন । ঘটনাৰ বিৱৰণী মতে, গৰু বিহুৰ দিনা বিয়লি প্ৰায় 3.30 বজাত অভয়াৰণ্যখনৰ হাতী শিবিৰৰ ওচৰত বান্ধি থোৱা এটা হাতীয়ে শিকলি চিগি ৰাজু দাস নামৰ মাষ্টাৰ ৰোলৰ 26 বছৰীয়া মাউতজনক অতৰ্কিতে আক্ৰমণ কৰাত থিতাতে নিহত হয় ৰাজু ৷

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, এই ঘটনাৰ পাছত সমগ্ৰ পবিতৰাত বিশেষকৈ অভয়াৰণ্যখনৰ মাউতসকলৰ মাজত শোকৰ ছাঁ পৰে ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.