মৰিগাঁও,14 মাৰ্চ: দেওবাৰে আবেলি ৮০ নং মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১ নং লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া সাধাৰণ পৰ্যবেক্ষক কৈলাশ সিন্দে (আইএএছ) নিৰ্বাচনী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ সভাখন মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় ৷
![মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-14mar-observermeet-rtu-804-vis-img-byt-as10005_14032021221324_1403f_1615740204_675.jpg)
মৰিগাঁও জিলাৰ দুটা সমষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয় উক্ত বৈঠকত । এই বৈঠকত সাধাৰণ পৰ্যবেক্ষক কৈলাশ সিন্দে প্ৰমুখ্যে আৰক্ষী বিভাগৰ যুটীয়া আয়ুক্ত ড৹ জে যাদৱ (আইপিএছ), জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত ৰুমী বৰুৱা, অজিত কুমাৰ শৰ্মা আৰু হানিফ নুৰাণি, অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া আদি উপস্থিত থাকে ।
লগতে পঢ়ক: মণিপুৰত PREPAK (PRO) ৰ এজন দুধৰ্ষ কেডাৰক আটক