ETV Bharat / state

তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত ডাঃ ৰণোজ পেগু

author img

By

Published : May 23, 2021, 10:31 PM IST

ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰূপে দেওবাৰে তিৱাস্বায়ত্ত পৰিষদৰ, সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যৰে প্ৰথমখনি আলোচনাত মিলিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু । খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কবচৰ ইংগিত ৷

তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত ডাঃ ৰণোজ পেগু
তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত ডাঃ ৰণোজ পেগু

মৰিগাঁও, 23 মে': মৰিগাঁৱত অসম চুক্তিৰ ৬ নং দফা অনুসৰি সমগ্ৰ অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা দিয়াৰ তাৎপৰ্যপূৰ্ণ ইংগিত প্ৰদান কৰিলে ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগৰো মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷

দেওবাৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পৰিষদ খনৰ কামকাজৰ বুজ লোৱাৰ লগতে স্বায়ত্ত্বশাসিত পৰিষদসমূহক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সাংবিধানিক সুৰক্ষা প্ৰদান কৰাতো এইখন চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ইয়াক পালন কৰাৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ইপিনে পৰিষদসমূহে ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিত্তীয় বিধি, কেন্দ্ৰীয় ভিজিলেঞ্চ কমিচন আৰু জনজাতি কল্যাণ বিভাগৰ নিৰ্দেশনা পালনৰ জৰিয়তেহে আঁচনি ৰূপায়ণ কৰিব লাগিব বুলিও উল্লেখ কৰি পূৰ্বৰ গুৰুতৰ বিত্তীয় খেলিমেলি থাকিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷

নতুন শিক্ষানীতিৰ অধীনত মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থাই তিৱা ভাষাক উপকৃত কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পেগুৱে ৷ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষা ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত হ’বই বুলি পুনৰ দোহাৰে শিক্ষা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.