মৰিগাঁও, ২৪ ডিচেম্বৰ: সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ মধ্যকালীন বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে সম্পন্ন হয় । মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত গাঁওপ্ৰধান সংস্থাৰ মধ্যকালীন বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যখনৰ গাঁওপ্ৰধান সকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয় । ৰাজ্যখনৰ সকলো জিলাৰ ৮ শতাধিক প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাত গাঁওপ্ৰধান সকলক চৰকাৰে চৰকাৰী চাকৰিয়াল ৰূপে স্বীকৃতি দিয়াৰ বাবে দাবী জনায় ।
সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি গোবিন্দ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁতধৰে ঘনশ্যাম তালুকদাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি ৰূপে ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সঞ্চালকদ্বয় দীপাংকৰ দাস আৰু হিমাক্ষী হাজৰিকা উপস্থিত থাকে । বিশেষকৈ সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ মৰিগাঁও জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত এই বাৰ্ষিক সাধাৰণ সভাত গাঁওপ্ৰধান সকলক চৰকাৰে চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি দিয়া, পাৰিশ্ৰমিক বৃদ্ধি কৰা আৰু অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধান সকলক এককালীন সাহাৰ্য আগবঢ়োৱাৰ দাবী উত্থাপন কৰে ।
দেওবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ অনুষ্ঠিত গাঁও প্ৰধান সংস্থাৰ মধ্যকালীন বাৰ্ষিক সাধাৰণ সভাত চৰকাৰক উক্ত দাবী পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণৰ বিষয়ে সদৰী কৰে আদৰণি সমিতি সম্পাদক কিৰণ ডেকাই । আনহাতে, এই সভাতে অসম চৰকাৰৰ যক্ষ্মা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি কলিতাই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি গাঁওপ্ৰধান সকলক গাঁওপঞ্চায়ত পৰ্যায়ত যক্ষ্মা মুক্ত কৰা কাৰ্যসূচীত আগভাগ লৈ প্ৰধানমন্ত্ৰী মোদীৰ ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়া লক্ষ্যত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:সত্ৰপীঠ মাজুলীত বৰদিন উদযাপনক লৈ প্ৰতিক্ৰিয়া মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীৰ