মৰিগাঁও, ২০ এপ্ৰিলঃ মৰিগাঁওৰ কাঠনি পলাহজুৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত সৰ্বস্বান্ত শতাধিক পৰিয়াল । ব্ৰহ্মপুত্ৰত জাহ গ'ল ঘৰ ভেটি । বিগত তিনিমাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াত ইতিমধ্যে শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে প্ৰায় পাঁচশ বিঘা খেতি মাটি নদীত জাহ যায় । খহনীয়াৰ কবলত পৰা পৰিয়ালৰ লোকে পাচঁ,ছয় বাৰকৈ নিজৰ ঘৰ-বাৰী স্থানান্তৰ কৰিব লগা হৈছে ৷ কিন্ত দুখৰ বিষয় যে এই কৰুণ দৃশ্য দেখা পোৱাৰ পাছতো চৰকাৰে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
প্ৰতি বছৰে মৰিগাঁও জিলা বান নিয়ন্ত্ৰণ বিভাগে কোটি কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰে যদিও বাৰে বাৰে বানত মথাউৰি চিগি প্ৰৱল বানপানীত ডুবিব লগা হয় সমগ্ৰ মৰিগাঁৱৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন জিলা । উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত থকা পলাহজুৰী লোক সকলৰ অৱস্থা অতি দুখলগা হৈছে । পৰিয়ালৰ লোক সকলে কন্দা কটা কৰি ক’লৈ যাম, কি কৰিম অৱস্থাটোৱে সকলোকে মৰ্মাহত কৰিছে । কিন্ত বিয়াগোম মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনৰ চকু নপৰাত ক্ষুব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী । এতিয়া প্ৰশ্ন হয় জাতি-মাটি-ভেটি ৰক্ষা কৰা চৰকাৰ খনে সঁচাকৈ ৰক্ষা কৰিব পাৰিবনে সেই অঞ্চলৰ খহনীয়া ? নে এনেকৈয়ে ব্ৰহ্মপুত্ৰত উটি-ভাহি যাবলৈ দিব ইখনৰ পিছত সিখন গাঁও ?