ETV Bharat / state

মৰিগাঁৱত বানৰ প্ৰলয়, মথাউৰিত আশ্ৰয় 5 সহস্ৰাধিক বন্যাৰ্তৰ

author img

By

Published : Jul 17, 2020, 3:02 PM IST

বিগত দহ দিন ধৰি মৰিগাঁৱত বানত আক্ৰান্ত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ কেইখনমান তিৰ্পালৰ বাহিৰে বানাক্ৰান্তই লাভ কৰা নাই খাদ্য-সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱাপানী । পকৰীয়া মৌজাৰ গাগলমাৰি গাঁও পঞ্চায়তৰ আটাইতকৈ দীঘলীয়া মথাউৰিত বিগত 9-10 দিন ধৰি আ্ৰশ্ৰয় লৈছে বন্যাৰ্তসকলে ।

Flood at Morigaon
মৰিগাঁৱত বানৰ প্ৰলয়

মৰিগাঁও, 17 জুলাই : মৰিগাঁৱত বিগত দহ দিন ধৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত । ইমান দিনৰ পাচতো খবৰ ল’বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধি তথা বিধায়ক পীযুষ হাজৰিকাৰ । এই অভিযোগ উত্থাপন কৰিছে মৰিগাঁৱৰ বানাক্ৰান্তসকলে ৷

মৰিগাঁৱত বানৰ প্ৰলয়

উল্লেখ্য যে,মৰিগাঁও জিলাৰ বান বিধ্বস্ত পকৰীয়া মৌজাৰ গাগলমাৰি গাঁও পঞ্চায়তৰ আটাইতকৈ দীঘলীয়া মথাউৰিত বিগত 9-10 দিন ধৰি আ্ৰশ্ৰয় লৈ আছে 5 সহস্ৰাধিক বন্যাৰ্তই । কেইখনমান তিৰ্পালৰ বাহিৰে মৰিগাঁৱৰ এইসকল গাগলমাৰি,আশীগৰ,লেহপতি গাঁও পঞ্চায়তৰ বানাক্ৰান্তই লাভ কৰা নাই খাদ্য-সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱাপানী । ভীষণ খাদ্য সংকটত ভুগিছে বৃহত্তৰ গাগলমাৰি অঞ্চলৰ বহুকেইখন গাঁও পঞ্চায়তৰ পশুধন ।

বিৰোধী দলৰ সাংসদ তথা 10নং নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,মায়ং জিলা পৰিষদ প্ৰাক্তন সদস্য স্বপন মণ্ডলে মৰিগাঁৱৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তসকলক ব্যক্তিগতভাৱে চিৰা,চেনি,খোৱাপানী বিতৰণ কৰিছে যদিও বৰ্তমানো জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰীৰ গা লৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । প্ৰাপ্তবয়স্কৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী,শিশু সকলোৰে মাজত খাদ্যৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বাঢ়নী পানী শুকুৱাৰ পাছতে মূৰে কপালে হাত দিছে কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.