ETV Bharat / state

Biswajit Hazarika Murder case update: বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দিবলৈ মৰিগাঁৱত ক্ৰাইমব্ৰান্স-ফৰেন্সিকৰ অভিযান

বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দি উলিয়াবলৈ মৰিগাঁৱত আৰক্ষী, ক্ৰাইমব্ৰান্স আৰু ফৰেন্সিকৰ দলে অব্যাহত ৰাখিছে অভিযান ৷ 4 মাহ পূৰ্বে নেলীত উদ্ধাৰ কৰা হৈছিল গুৱাহাটীৰ নিৰুদিষ্ট যুৱক বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ (Biswajit Hazarika Murder case update) ৷ ইতিমধ্যেই এই হত্যাকাণ্ডৰে জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

author img

By

Published : Mar 4, 2023, 5:28 PM IST

Biswajit Hazarika Murder case update
বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দিবলৈ মৰিগাঁৱত ক্ৰাইমব্ৰান্স-ফৰেন্সিকৰ অভিযান

মৰিগাঁও, 4 মাৰ্চ: গুৱাহাটীৰ নিৰুদ্দিষ্ট যুৱক বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দিবলৈ মৰিগাঁৱত উপস্থিত ক্ৰাইম ব্ৰান্স, আৰক্ষী আৰু ফৰেন্সিকৰ বৃহৎ দল ৷ চাৰিমাহ পূৰ্বে নেলীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতেই চিনাক্ত নোহোৱাত আৰক্ষীয়ে মৃতদেহটো পুতি ৰাখিছিল মৰিগাঁৱৰ চৰকাৰী শ্মশানত ৷ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অধিক তথ্য সমৃদ্ধ কৰাৰ বাবে মৃতদেহ খান্দি উলিয়াবলৈ শনিবাৰে মৰিগাঁৱৰ শ্মশানত আৰক্ষীয়ে চলাইছে অভিযান (Biswajit Hazarika Murder case update) ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা যুৱক বিশ্বজিৎ হাজৰিকাক হত্যা কৰি পেলাই দিয়া হৈছিল কিলিং নদীত ৷ এই সমগ্ৰ ঘটনা বিশ্বজিৎ হাজৰিকা সন্ধানহীন হোৱাৰ 5 মাহৰ পাচত ফাদিল কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষী ৷ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডসহ 6 জনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Guwahati Biswajit Hazarika kidnaping case) ৷

উল্লেখ্য যে, 2022 বৰ্ষৰ 9 অক্টোবৰ তাৰিখে কৰ্মস্থলীৰ পৰা ঘৰলৈ ঘোৱাৰ পথতে অপৰহণ কৰা হৈছিল বিশ্বজিৎ হাজৰিকাক ৷ বিশ্বজিতক অপহৰণ কৰি নেলীলৈ লৈ গৈছিল 6 হত্যাকাৰীয়ে ৷ বিশ্বজিতৰ মুক্তিপণৰ বাবে 6 হত্যাকাৰীয়ে পৰিয়ালৰ পৰা দাবী কৰিছিল 40 লাখ টকা ৷ কিন্তু দাবী কৰা ধন লাভ নকৰাৰ বাবেই 23 অক্টোবৰত বিশ্বজিতক হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়া হয় কিলিং নদীত (Biswajit Hazarika dead body recovered) ৷

এই হত্যাকাণ্ডৰ অভিযুক্তকেইটা হ’ল- পাঞ্জাবাৰীৰ অজয় কলিতা (30), নেলীৰ প্ৰণৱ ৰংহাং (25), বশিষ্ঠৰ দেৱজিৎ ডেকা (26), নুনমাটিৰ সঞ্জয় কুমাত ভগৎ (26), বোন্দাৰ পৰশ ছেত্ৰী (24) আৰু ময়ূৰ নাথ (24) (Accused of Biswajit Hazarika Murder) ৷ এই হত্যাকাণ্ডৰ ৰহস্য আৰক্ষীয়ে ফাদিল কৰে ফেব্ৰুৱাৰী মাহত (Biswajit Hazarika Murder case investigation) ৷

এই সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল অজয় কলিতা নামৰ যুৱকজন ৷ লক্ষ্যনীয় কথাটো হ’ল অজয় কলিতা আছিল বিশ্বজিৎ হাজৰিকাই অধ্যয়ন কৰা চাৰ্ভেৰ অংকুৰ চেমিনাৰ নামৰ বিদ্যালয়খনৰ কনিষ্ঠ ছাত্ৰ ৷ সহজে ধন ঘটাৰ পৰিকল্পনা কৰিয়েই সংঘটিত হৈছিল বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ড ৷

লগতে পঢ়ক: Biswajit Hazarika Murder Case: একে বিদ্যালয়ৰ অনুজে অপহৰণ কৰি হত্যা কৰিলে বিশ্বজিতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.