মৰিগাঁও, 11 মে’: ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সস্তম হৈছে মৰিগাঁও জিলা প্ৰশাসন ৷ পুনৰ ক'ভিড ৰোগীৰ বাবে সাজু কৰি তুলা হৈছে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয় খন ৷
উল্লেখ্য যে, মৰিগাঁৱত ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ আনহাতে, জাগীৰোডত ইতিমধ্যে জিলা প্ৰশাসনে ৫টা কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে আৰু জিলাখনত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছে 5 গৰাকী ক’ভিড আক্ৰান্ত লোকে ৷
ক’ভিড ৰোগীৰ বাবে সাজু কৰি তোলা নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়খনত বৰ্তমান 60 খন বিচনা সন্নিবিষ্ট কৰা হৈছে ৷ লগতে প্ৰতিখন বিচনাৰ সৈতে অক্সিজেনৰ চিলিণ্ডাৰৰো সু-ব্যৱস্থা কৰি তোলা হৈছে ৷ এই কথা সংবাদমাধ্যমৰ আগত সদৰি কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাই ৷
মঙলবাৰে উক্ত চিকিৎসালয় খনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগীৰ বাবে কৰিবলগীয়া সুবিধা সমূহৰ বুজ ল’বলৈ মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ লগতে উপস্থিত হয় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ কুমাৰ পেগু । দুই-এদিনৰ ভিতৰতে চিকিৎসালয় খনমুকলি কৰা হ'ব বুলি মন্তব্য কৰে মৰিগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত হৈ বৰপেটাৰ মুখ্য চিকিৎসা বিষয়াৰ মৃত্যু