ETV Bharat / state

সেৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছৰ - সেৱা সেতু এপ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত অৱস্থান ধৰ্মঘট । শাসকীয় বিজেপি চৰকাৰক সমালোচনা লাহৰীঘাটৰ বিধায়কৰ ।

Morigaon District Congress Committee
মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ ধৰ্মঘট
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 4:43 PM IST

মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ ধৰ্মঘট

মৰিগাঁও, ২৮ নৱেম্বৰ: অসম চৰকাৰৰ শেহতীয়া নিৰ্ধাৰিত সেৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছৰ । মঙলবাৰে মৰিগাঁও সদৰ বিহুতলীত মৰিগাঁও জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে সেৱা কৰ সন্দৰ্ভত এক নির্দেশনা জাৰি কৰাৰ পিচতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । ইয়াৰেই অংশৰূপে আজি মৰিগাঁও জিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মৰিগাঁৱত কংগ্ৰেছৰ ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শাসকীয় বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে কয় যে বিজেপি চৰকাৰে এতিয়া বিশ হাজাৰ বিদ্যালয় বন্ধ কৰি বিশ হাজাৰ মদৰ দোকান খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভাড়াঘৰৰ পৰা সাংস্কৃতিক বা ধৰ্মীয় অনুষ্ঠান পতালৈকে কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে । তেওঁ পুনৰ কয় যে সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰায় আটাইবোৰ পৰ্বতে সেৱা কৰৰ নামত উচ্চ হাৰত মাচুল আদায় দিব লাগিব অসম চৰকাৰক । ইয়াৰ বাবে অসম আৰক্ষীয়ে সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে বিভিন্ন সেৱাৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰিছে ৷

উল্লেখ্য যে চৰকাৰে জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ বিৰুদ্ধে আজি তীব্ৰ বিৰোধিতা কৰে মৰিগাঁও জিলা কংগ্ৰেছে । মৰিগাঁও সদৰ বিহুতলীত এক ধৰ্মঘট অৱস্থান কৰে অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক গৰাকীয়ে । মঙলবাৰে মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শশী মোহন বিশ্বাস,ময়দুল ইছলাম খান,চেহনাজ খানম,লিপিকা বৰুৱাৰ প্ৰমুখ্যে কেইবাগৰাকী নেতাই । এই প্ৰতিবাদী কাৰ্যসূচী আঁতধৰে জিলা কংগ্ৰেছৰ সভাপতিৰ শ্ৰৱণ কুমাৰ ডেকাৰজাই ।

উল্লেখ্য যে শেহতীয়াকৈ পোহৰলৈ আহিছে সেৱা সেতু এপৰ জৰিয়তে নাগৰিকসকলে ৰাজ্যত অসম আৰক্ষী আৰু চৰকাৰক বিভিন্ন উপলক্ষত দিবলগীয়া উচ্চ হাৰৰ সেৱা কৰৰ তথ্য । বিহু উদযাপনৰ অনুমতি লোৱাৰ বাবদ ইতিমধ্যে ৩০০ টকা মাচুল ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক:অসমৰ সৰ্বত্ৰে এতিয়া ছিণ্ডিকেটৰাজ চলা বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.