ETV Bharat / state

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ

author img

By

Published : Sep 30, 2020, 6:26 PM IST

মৰিগাঁৱত ৰেপিড এণ্টিজেন পৰীক্ষাৰ নামত চলিছে কি ! কোভিড প্ৰট’কল ভংগৰ অভিযোগ মৰিগাঁৱৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । সামাজিক দুৰত্বক আওকাণ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ৷

Complaint against the Department of Health for violating the Covid Protocol morigaon assam etv bharat news
মৰিগাঁৱত ৰেপিড এণ্টিজেন পৰীক্ষা

মৰিগাঁও, 30 ছেপ্তেম্বৰ: মৰিগাঁৱত জিলা প্ৰশাসন,শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত হৈ আছে এক তিনিদিনীয়া ৰেপিড এণ্টিজেন পৰীক্ষা শিবিৰ ৷ চহৰখনৰ মাজমজিয়াস্থিত বিহুতলী প্ৰাংগণত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা কৰোৱায় ৷ কিন্তু এই পৰীক্ষাৰ নামত কোনো এগৰাকীকে দেখা নগ’ল সামাজিক দুৰত্ব মানি চলাটো ৷ প্ৰতিদিনে প্ৰায় 400-500 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে পৰীক্ষা কৰি থকাটো সুলভ দৃশ্যত পৰিণত হৈছে ৷ তেনেক্ষেত্ৰত বিগত দুদিনে এই পৰীক্ষা সম্পন্ন কৰা 13 গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ আনহাতে,বিষয় সন্দৰ্ভত দায়সৰা মন্তব্য প্ৰদান কৰে কৰ্তব্যত নিয়োজিত চিকিৎসকে ৷

মৰিগাঁৱত ৰেপিড এণ্টিজেন পৰীক্ষা

লগতে চাওকঃ 2021ত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিতঃ জুৰি শৰ্মা বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.