মৰিগাঁও,22 ডিচেম্বৰ: মঙলবাৰে মৰিগাঁও জিলাৰ সমবায় সমূহৰৰ পঞ্জীয়কৰ সহকাৰী বিষয়াৰ কাৰ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ দুৱাৰ মুকলি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ৰঙাফিটা কাটি, নাৰিকল ভাগি ভৱনৰ দুৱাৰ মুকলি কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ জেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷
![Co-operative register office inagurated at Morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9972601_564_9972601_1608654610083.png)
উল্লেখ্য যে, উক্ত সময়ত মন্ত্ৰী গৰাকীৰ সতে উপস্থিত থাকে জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত আগন্তুক বিধানসভা নিৰ্বাচনত অসমত বিজেপিৰে জয় হব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ গুৱাহাটীত বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন