ETV Bharat / state

মৰিগাঁৱত মীন বিভাগৰ এক আধাৰশিলা অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী - মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম মীন উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত নিৰ্মান হ’বলগীয়া গ্ৰাম্য পাৰিপাৰ্শ্বিক পৰ্যটন আৰু অতিথি গৃহটিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মণিষী উপবনৰো কৰিলে শুভ উদ্বোধন ৷

CM Sarbananda Sonowal Marigaon visit
মৰিগাঁৱত মীন বিভাগৰ এক আধাৰশিলা অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী
author img

By

Published : Sep 4, 2020, 8:16 AM IST

মৰিগাঁও, 4 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ জিলাখনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিলে অসম মীন উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত গ্ৰাম্য পাৰিপাৰ্শ্বিক পৰ্যটন আৰু অতিথি গৃহটিৰ ৷ লগতে বন বিভাগৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মণিষী উপবনৰো কৰিলে শুভ উদ্বোধন ৷

মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মীন বিভাগৰ দ্বাৰা নিৰ্মান হ’বলগীয়া পৰ্যটন আৰু অতিথি গৃহটিৰ আধাৰশিলা স্থাপনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰণ বিলত এৰিলে বহু সংখ্যক মাছৰ পোণা ৷ এই অনুষ্ঠানটোত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী ৷ তাৰোপৰি জিলাখনৰ উপায়ুক্ত লীনা দাস ,আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, বন বিভাগৰ বহু সংখ্যক আমোলা বিষয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে, একেটা দিনতে বন বিভাগৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মণিষী উপবনৰ শুভ উদ্বোধনৰ আন এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকে মুখ্যমন্ত্ৰীগৰাকী ৷ অনুষ্ঠানটোত নিজৰ বক্তৃতাত মুখ্যমন্ত্ৰী সোণোৱালে ক’লে, ‘গছ থাকিলেহে মানুহ থাকিব ৷ সেহেয়ে এই উপবনখন প্ৰতিপালন কৰাৰ দায়িত্বও ৰাইজৰে ৷ জ্যেষ্ঠসকলে নৱ প্ৰজন্মক শিকাব লাগে গছ-গছনিক ভাল পাবলৈ ৷’

লগতে পঢ়ক-ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.