ETV Bharat / state

ৰাজ্যসভাত গৃহীত হ'ল কেব: প্ৰতিবাদত জ্বলিছে নিশাৰ অসম

author img

By

Published : Dec 11, 2019, 10:10 PM IST

ইতিমধ্যে ৰাজ্যসভাত গৃহীত হ'ল কেব ৷ কিন্তু অসমৰ দল,সংগঠন, ছাত্ৰ-সমাজ, জন-সাধাৰণ সকলোৱে নৰেন্দ্ৰ মোডী চৰকাৰক ইতিমধ্যে জনাই দিছে কেব গৃহীত হ'লেও অসমত অব্যাবত থাকিব আন্দোলন, অসমে কেব কেতিয়াওঁ মানি নলয় ৷ বৰ্তমান সন্ধিয়া সমগ্ৰ ৰাজ্যৰ লগতে কেব বিৰোধী প্ৰতিবাদত উত্তাল ধুবুৰীৰ ৰাজপথ ৷ মাথো এটাই কথা অসমে "কেব নামানে, কেব আমি নেমানো ৷"

Cab PROTEST
কেবৰ বিৰোধী প্ৰতিবাদত জ্বলিছে নিশাৰ ৰাজপথ

ধুবুৰী,11 ডিচেম্বৰ: কেব বিৰোধিতা ধুবুৰীৰ ৰাজপথত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি । আজি সন্ধিয়া হঠাৎ উত্তপ্ত হৈ পৰে ধুবুৰী চহৰ । চহৰ খনৰ জি টি বি পথৰ ধুবুৰী সাহিত্য সভা ভৱনৰ সন্মুখত অৰ্ধ শতাধিক যুৱ প্ৰজন্মই হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ওলাই আহে ৰাজপথলৈ । লগতে শ্ৰেণীকোঠা আৰু পৰীক্ষা এৰি ৰাজপথতলৈ ওলাই আহিল লাখ লাখ ছাত্ৰ-ছাত্ৰী । ৰাজপথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কেব আৰু বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি । ইপিনে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হঠাৎ অগ্নিগৰ্ভা হৈ পৰে পৰিস্থিতি । অৱশ্যে চাৰিওফালে আৰক্ষী প্ৰশাসন সক্ৰিয় হৈ থকাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ধুবুৰীত কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

মৰিগাঁও: কেবৰ বিৰোধীতাৰে আছু আৰু যুৱছাত্ৰ পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল । ডবা, কাঁহ,বৰতালৰ বজ্ৰ নিনাদত কঁপি উঠিল নিশাৰ মৰিগাঁও চহৰ। মৰিগাঁও গান্ধী ভৱন প্ৰাংগণৰ পৰা যাত্ৰা কৰা প্ৰতিবাদী দলটোৱে ডবা-কাহ, তাল লৈ ৰাজপথ উত্তাল কৰি শ্ল'গান দিলে চৰকাৰ বিৰোধী । কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে স্বতঃস্ফূৰ্ত ভাৱে প্ৰতিবাদী সমদলত যোগদান কৰাৰ পাছত চহৰখনৰ মাজমজিয়া পুলিচ পইণ্টত উঠি এক যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে পাতিলে কেব বিৰোধী প্ৰতিবাদী সভা ।

মৰিগাঁৱত কেবৰ বিৰোধীতাৰে আছু আৰু যুৱছাত্ৰ পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

গুৱাহাটী : বিমানবন্দৰলৈ যোৱা পথ অৱৰোধ কৰিলে প্ৰতিবাদকাৰীয়ে । কেৱৰ বিৰুদ্ধে এইবাৰ বৰঝাৰত স্বতস্ফূতভাৱে ওলাই আহিল ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণ । বিমানবন্দৰলৈ যোৱা পথ অৱৰোধ কৰিলে হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে । হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বিমানবন্দৰৰ পৰা আজাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথযোগে পদযাত্ৰা কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

লগতে পঢ়ক:কেব বিৰোধী প্ৰতিবাদত উত্তপ্ত নগাওঁ

বাইহাটা: কেবৰ বিৰুদ্ধে হাতে হাতে জোঁৰ লৈ উত্তাল কৰিলে বাইহাটা চাৰিআলিৰ নিশাৰ আকাশ বতাহ । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলা সাহিত্য সভা, বাইহাটা চাৰিআলি নাগৰিক সমিতি, জুবিনে ফেন ক্লাৱ লগতে বিভিন্ন দল সংগঠনৰ সহস্ৰাধিক লোকে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বাইহাটা চাৰি আলি । সমদলকাৰী সকলে বাইহাটা চাৰিআলিৰ চাৰিওটা ৰাজ পথতে জোঁৰ সমদলত বহু সময় ধৰি আবদ্ধ হৈ পৰে যান-বাহন ।

লগতে পঢ়ক:কেবৰ বিৰুদ্ধে অসমত গণ বিদ্ৰোহ

উল্লেখযোগ্য যে, ইতিমধ্যে অসমৰ 10 জিলাত ইণ্টাৰনেট সেৱা বন্ধৰ সিদ্ধান্ত গ্ৰহণৰ লগতে কামৰূপ মেট্ৰ জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ চৰকাৰে সকলো প্ৰকাৰে চেষ্টা চলাইছে কেব বিৰোধী প্ৰতিবাদক দমন কৰাৰ ৷ কিন্তু ইয়াৰ পিছতো সমগ্ৰ ৰাজ্যত চলি পূৰ্ণদ্যমে কেব বিৰোধী প্ৰতিবাদ ৷

Intro: সন্ধিয়া কেৱক লৈ উত্তাল ধুবুৰী চহৰ। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো কেবৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে যুৱ সমাজত। ধুবুৰীৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি।

Body: বিতৰ্কিত আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক তথা কেৱক লৈ ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ। শ্ৰেণীকোঠা আৰু পৰীক্ষা এৰি ৰাজপথত ওলাই আহিল লাখ লাখ ছাত্ৰ ছাত্ৰী। পিছ পৰি থকা নাই ধুবুৰী। আজি সন্ধিয়া হঠাৎ উত্তপ্ত হৈ পৰে ধুবুৰী চহৰ। চহৰ খনৰ জি টি বি পথৰ ধুবুৰী সাহিত্য সভা ভৱনৰ সন্মুখ ভাগত অৰ্ধ শতাধিক যুৱ প্ৰজন্মই হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ওলাই আহে। ৰাজপথত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি চৰকাৰ আৰু বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি।
ইপিনে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হঠাৎ অগ্নিগৰ্ভা হৈ পৰে পৰিস্থিতি। যদিওঁ চাৰিওফালে আৰক্ষী প্ৰশাসন সক্ৰিয় হৈ থকাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। যদিওঁ আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ সমাজে।

Byte:- প্ৰতিবাদকাৰী।

Conclusion: ইপিনে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে বিতৰ্কিত বিধেয়ক বাতিল কৰা নহলে কাইলৈ ধুবুৰীৰ যুৱ সমাজ হিল দল ভাঙি ওলাই আহিব বুলি হুংকাৰ দিয়ে ধুবুৰীৰ যুৱ সমাজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.