ETV Bharat / state

মৰিগাঁৱত ঠিকাদাৰলৈ দুৰ্বৃত্তৰ গুলীচালনা

মৰিগাঁৱত নিশা গুলীচালনাৰ ঘটনা । তিৱা স্বায়ত্ব পৰিষদৰ এজন ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা । আৰক্ষী আৰম্ভ কৰিছে তদন্ত ৷

author img

By

Published : Oct 11, 2019, 6:25 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা!

মৰিগাঁও,11 অক্টোবৰঃ মৰিগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ এক চাঞ্চল্যকৰ
ঘটনা । মৰিগাঁও তিৱা স্বায়ত্ত্ব পৰিষদৰ সমীপৰ বৰ্ণসত্ৰত থকা এখন চাহৰ দোকানলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালানা কৰি পলায়ন কৰে । ঘটনা অনুসৰি, এখন বাইকত অহা এটা দুৰ্বৃত্তই চাহৰ দোকানখনলৈ লক্ষ্য কৰি একজাঁই গুলীচালানা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সেই সময়ত হোটেলখনৰ গৰাকী নৱ দাস আৰু বন্ধু বিদ্যুৎ ঠাকুৰ হোটেলখনতে বহি আছিল । সৌভাগ্যক্ৰমে উক্ত আক্ৰমণৰ পৰা দুয়ো কথমপি ৰক্ষা পৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে নৱ দাসে ।

নিশাই উক্ত ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বন্দুকৰ গুলীৰ পিছফালৰ অংশ উদ্ধাৰ কৰিছে । ইফালে তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰ বিদ্যুত ঠাকুৰে উক্ত গুলীবৰ্ষণৰ ঘটনা তেওঁক লক্ষ্য কৰি কৰা বুলি সন্দেহ ব্যক্ত কৰিছে ৷ সেয়েহে ৰাতি সংঘটিত গুলীচালনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ঠিকাদাৰ বিদ্যুত ঠাকুৰে । প্ৰকৃত ঘটনাৰ ৰহস্য আৰক্ষী তদন্ততহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা!

আৰু পঢ়ক

ব্ৰাউন ছুগাৰ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত 4 যুৱক

Intro:মৰিগাঁৱত নিশা গুলীচালনাৰ ঘটনা। তিৱা স্বায়ত্ব পৰিষদৰ এজন ঠিকাদাৰলৈ লক্ষ্য কৰি দুবিত্তৰ গুলীচালনা। আৰক্ষী তদন্ত আৰম্ভ ।মৰিগাঁৱত প্ৰতিক্ৰিয়া ।Body:মৰিগাঁওত নিশা গুলিচালনাৰ
ঘটনা।মৰিগাঁও তিৱা স্বায়ত্ত্ব পৰিষদৰ সমীপৰ বৰ্ণসত্ৰত থকা এখন চাহৰ দোকানলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী চালানা।ব্যৱসায় প্ৰতিষ্ঠানটোৰ মালিকৰ নাম নৱ দাস।এখন বাইক লৈ আহি দুৰ্বৃত্তয়ে গুলী চালানা কৰিছিল।সেই সময়ত মালিকৰ নৱ দাস আৰু বন্ধু বিদ্যুৎ আছিল হোটেলখনত ।সৌভাগ্য ক্ৰমে দুয়ো ৰক্ষা পৰে ।নিশাই খবৰ পাই আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ঘটনাস্থলী পৰা বন্ধুকৰ গুলিৰ পিছফালৰ অংশ উদ্ধাৰ কৰিছে ।আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত তথ্য।মৰিগাঁও আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত বিদ্যুত ঠাকুৰ নামৰ এজন তিৱা স্বায়ত্ত্ব পৰিষদৰ ঠিকাদাকৰ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীয়াই পলায়ন কৰা বুলি ঠিকাদৰ জনে অভিযোগ কৰাৰ বুলি আৰক্ষীক জনোৱাৰ পাছতে উক্ত স্থানত আৰক্ষী উপস্থিত হয় আৰু এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি মন্তব্য কৰে৷ প্ৰকৃত ঘটনা আৰক্ষী তদন্ততহে পোহৰলৈ আহিব৷
ৰাতি গুলি চলানা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ঠিকাদাৰ বিদ্যুত ঠাকুৰে।
Bytes:naba( blue shirt) and bidyut

Bite: SP Morigaon আৰু দোকানি অভিযোগকাৰীConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.