ETV Bharat / state

River erosion in Morigaon: লুইতৰ গৰাখহনীয়া পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ - ক্ৰমাৎ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া । ইতিমধ্যে গৃহহীন হৈ পৰিছে দুই শতাধিক পৰিয়াল । বাঁহ আৰু জিঅ’ বেগৰে খহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ । খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জিলা উপায়ুক্তৰ ।

River erosion in Morigaon
ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া
author img

By

Published : Jun 19, 2023, 7:56 AM IST

ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া

ধিং, 19 জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত লুইতৰ গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ । গৰাখহনীয়াৰ কালৰূপ দেখি ভয়ত ত্ৰস্তমান হৈছে সমগ্ৰ ভূৰাগাঁও অঞ্চলবাসী । দেওবাৰে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ উক্ত স্থানত উপস্থিত হয় মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা ৷ লগতে মৰিগাঁৱৰ জিলা উপায়ুক্তগৰাকীয়ে বুজ লয় খহনীয়াগ্ৰস্ত অঞ্চলৰ সামগ্ৰীক পৰিস্থিতি ৷

জানিব পৰা মতে, ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুপতিমাৰী আৰু বালিডোংগাত গৰাখহনীয়াই যোৱা এসপ্তাহ ধৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে । যাৰ ফলত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি । এই গৰাখহনীয়াৰ ফলত ইতিমধ্যে জাহ গৈছে সেউজীয়া পথাৰ, প্ৰাথমিক বিদ্যালয় আদি । ইয়াৰ উপৰিও এই গৰাখহনীয়াৰ ফলত কেবা শতাধিক পৰিয়াল এতিয়া গৃহহীন হৈ পৰিছে ।

আনহাতে, ক্ৰমাৎ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ ৷ সেয়ে গৰাখহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ বাবে বাঁহ আৰু জিঅ’ বেগেৰে যুদ্ধকালীন তৎপৰতাৰে মৰিগাঁও জিলা জলসম্পদ বিভাগে কাম কৰা পৰিলক্ষিত হৈছে । কিন্তু বিগত কেইটা দিনৰ দৰে যদি বৰ লুইতত গৰাখহনীয়া অব্যাহত থাকে তেন্তে কিছুদিনৰ ভিতৰতে শ শ পৰিয়াল সৰ্বস্বান্ত হোৱাটো নিশ্চিত হৈ পৰিছে ।

ইয়াৰ উপৰিও যদিহে উক্ত অঞ্চলটোত গৰাখহনীয়া অব্যাহত থাকে তেন্তে ঐতিহ্যমণ্ডিত বালিডোংগা লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলখনো জাহ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । দেওবাৰে বিয়লি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই কুপতিমাৰী আৰু বালিডোংগাত অব্যাহত থকা গৰাখহনীয়া গ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে । জিলা উপায়ুক্তই জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক যিকোনো প্ৰকাৰে গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্দেশ দিয়ে । nগতে তেওঁ গৃহহীন হোৱা পৰিয়ালসমূহক অস্থায়ীভাৱে সংস্থাপনৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে ।

গৰাখহনীয়া গ্ৰস্ত পৰিদৰ্শনৰ সময়ত উপায়ুক্তক সংগ দিয়ে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই । লগতে জিলা জলসম্পদ বিভাগে বাঁহ আৰু জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে ৷

লগতে পঢ়ক : River erosion at Boko : চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ কাল খহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.