চাওঁতে চাওঁতে অসমীয়াৰ পদূলিত হেপাঁহৰ ৰঙালি । পিছে এইবেলি বিহু নহয়, হ'ব বৰ বিহ...একপ্ৰকাৰৰ পহিলা চতৰ লৈকে সকলো ঠিকেই আছিল। চিৰাচৰিত ৰীতি মতেই গাঁৱৰ চহা জীয়ৰী বোৱাৰী সকল পহিলা চ'তৰ পৰাই মৰমৰ দীঘ আৰু চেনেহৰ বানিৰে হেপাঁহৰ বিহুৱান, চেলেং খনি বোৱাৰ অঘোষিত প্ৰতিযোগিতা চলিছিল । পিছে অসমীয়া ৰোৱনী দাৱনীৰূপী এই সকল শিপিনীৰ সপোন বাস্তৱ হ'বলৈ নিদিলে মহামাৰী কৰ'ণা ভাইৰাছে । ফলত হেপাঁহৰ বিহুৱানখনিৰে অভ্যাগতক আদৰণি জনোৱাৰ পৰিবৰ্তে এইবেলি ব্যৱহাৰৰ কৰিছে প্ৰৱেশ নিষিদ্ধ কৰা কাৰ্যত। মৰিগাঁৱত তাৰেই দৃশ্য এইয়া...
মুঠৰ ওপৰত বিশ্ব সন্ত্ৰাস COVID19 মহামাৰীৰ ফলত এইহেন বাপতি সাহোন বিহুৰ ভৰপক কালত পুৱা সন্ধিয়া ঢোল পেঁপাৰ সলনি বাজিছে আৰক্ষীৰ চাইৰেণৰ শব্দ।