ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদ দখল কৰিব বিজেপিয়ে - একক সংখ্যা গৰিষ্ঠতা

একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰিব বিজেপি দলে ৷ বিটিচিৰ ৰাইজে বিজেপিক আঁকোৱালি ল’ব বুলি আশাবাদী বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা ৷

bjp will win tiwa council
তিৱা স্বায়ত্ব শাসিত পৰিষদ দখল কৰিব বিজেপিয়ে
author img

By

Published : Dec 5, 2020, 2:17 PM IST

মৰিগাঁও, 5 ডিচেম্বৰ : বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা শুকুৰবাৰে উপস্থিত হয় মৰিগাঁৱত ৷ মৰিগাঁৱৰ চাৰণ বিলত থকা কেনয়িং কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰিদৰ্শন কৰে সাংসদ গৰাকীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰিব বিজেপি দলে ৷ বিটিচিৰ ৰাইজে বিজেপিক আঁকোৱালি ল’ব বুলি আশাবাদী বিজেপি সাংসদ গৰাকী ৷ আনহাতে, তিৱা স্বায়ত্ব শাসিত পৰিষদতো বিজেপি কৃতকাৰ্য হ’ব বুলি জনায় ভূৱনেশ্বৰ কলিতাই ৷

আনহাতে, মৰিগাঁৱত বিজেপি নেতা পৱন মান্তা আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ মাজত চলি থকা শীতল যুদ্ধ সন্দৰ্ভত তেওঁ কয় যে, এইয়া তেওঁলোকৰ ঘৰুৱা কাজিয়া ৷ আনহাতে, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি প্ৰাৰ্থী পৱন মান্তাৰ পৰিৱৰ্তে অগপ প্ৰাৰ্থী নিৰজ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি ওলোৱা খবৰৰ সংক্ৰান্তত কৌশলী মন্তব্য প্ৰদান কৰে ভূৱনেশ্বৰ কলিতাই ৷

লগতে পঢ়ক : বিজেপিক এক বৃহৎ তিমি মাছৰ লগত তুলনা কংগ্ৰেছ-এআইইউডিএফৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.