মৰিগাঁও, 5 ডিচেম্বৰ: শনিবাৰে লাহৰীঘাট সমষ্টিৰ বৰালীমাৰী গাঁও পঞ্চালয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ এখন দলীয় সভা । ভাৰতীয় জনতা যুৱ মৰ্চা, নিজ গেৰুৱা মণ্ডলৰ সভাপতি বিক্ৰম সৰকাৰৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক যুৱ মৰ্চাৰ উপ সভাপতি ও জিলা প্ৰভাৰী নবাৰুণ বুঢ়াগোঁহাই, নিজ গেৰুৱা মণ্ডল সভাপতি বিষ্ণু বিশ্বাস, জিলা সাধাৰণ সম্পাদক দীপমনি দেউৰী, সম্পাদক ও প্ৰভাৰী মৃদুল চহৰীয়া, নিজ গেৰুৱা জিলা পৰিষদৰ সদস্য সঞ্জয় ব্ৰহ্ম, বৰালিমাৰী পঞ্চায়াত সভানেত্ৰী প্ৰহেলিকা বড়ো, নিজ গেৰুৱা পঞ্চায়ত সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, জ্যেষ্ঠ নেতা হিৰালাল ৰাজবৰ আৰু যুৱ নেতা নুৰুল হুদাৰ লগতে কেইবাগৰাকীও লোক । সভাখনত দলৰ ভেঁটি শক্তিশালী কৰিবলৈ সকলোৱে সবল ভুমিকা পালন কৰিবলৈ মতামত প্ৰদান কৰে ।
লগতে পঢ়ক: মাতৃভূমিত উপস্থিত হ'ল CISFৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ