ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ গৰাখহনীয়া, জলসম্পদ বিভাগৰ লুন্ঠন !! - মৰিগাঁও

লাহৰীঘাট কাঠনীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া ৷ প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেঁকোভাওনা!!

প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেকোভাওনা
author img

By

Published : May 22, 2019, 1:55 PM IST

মৰিগাঁও,22 মে': মৰিগাওঁ জিলাৰ লাহৰীঘাট কাঠনিত বিগত প্ৰায় ডেৰ মাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড গৰাখহনীয়াই উছন কৰিছে শ-শ বিঘাৰ মাটি ভেটি ৷ কিন্তু নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকাৰ অপচয় কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেকোভাওনা

জলসম্পদ বিভাগে এছাম লুন্ঠনকাৰী ঠিকাদাৰৰ লগত মিলিত হৈ পৰ্কোপাইনৰ ধন লুন্ঠনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিগাঁৱৰ স্থানীয় ৰাইজে ৷ ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ নামত মৰিগাওঁ জলসম্পদ বিভাগে প্ৰায় কোটি টকাৰ পৰ্কোপাইন নদীৰ কাষতে পেলাই থোৱা পৰিলক্ষিত হৈছে। এনেদৰে পেলাই থোৱা পৰ্কোপাইনে ৰাইজৰ মাজত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ শীঘ্ৰেই ঘটনাৰ উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ ৷

Intro:লাহৰীঘাট কাঠনীত ব্ৰক্ষ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেকোভাওনাBody:মৰিগাওঁ জিলাৰ লাহৰীঘাট কাঠনিত বিগত প্ৰায় ডেৰ মাহ ধৰি ব্ৰক্ষ্মপুত্ৰ নদীৰ প্ৰচণ্ড গৰাখহনীয়াই শ-শ লোকৰ মাটি ভেটি উছন যোৱাৰ লগতে বহু কেইখন স্কুল মাদ্ৰাছা ব্ৰক্ষ্মপুত্ৰ খহনীয়াত জা-যোৱাৰ ফলত মানুহৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিঘাই বিঘাই কৃষি ভূমি বিচ্ছিন্ন কৰা নদীৰ এই খহনীয়াই প্ৰতিৰোধৰ নামত কোটি কোটি টকা অপচয় কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ নামত মৰিগাওঁ জলসম্পদ বিভাগে প্ৰায় কোটি টকাৰ পাৰ্কোপাইন নদীৰ কাষতে পেলাই থোৱা পৰিলক্ষিত হৈছে। এফালে খহনীয়াত শ-শ লোকৰ মাটি ভেটি জা গৈ অন্য স্থানলৈ ঢাপলি মেলিছে আনফালে জলসম্পদ বিভাগে এছাম লুন্ঠন কাৰী ঠিকাধাৰৰ লগত মিলি পাৰ্কোপাইনৰ ধন লুন্ঠনৰ ফন্দি কৰিছে কিয়নো এই এলেকা খিনিত খহনীয়া প্ৰতিৰোদৰ নাম কিমান সংখ্যক পাৰ্কোপাইন দিয়া হব তাৰ এটা নিৰ্দিষ্ট প্ৰাক্ পলন প্ৰস্তুত কৰা হৈছিল কিন্ত ঠিকাদাৰ সকলে বিভাগীয় সকলৰ লগত মিলি মাত্ৰ কেইটামান পাৰ্কোপাইন ইয়াত পেলাই থোৱা হৈছে কিছু সময়ৰ পাছত এই পাৰ্কোপাইন বিলাক নদীয়ে উঠাই লৈ যোৱাৰ পাছত ঠাকাদাৰ সকলে প্ৰাককলন মতে সম্পূৰ্ন পাৰ্কোপাইন পেলোৱা হৈছে বুলি দেখুৱাব আৰু এই ভয়ংকৰ জালীয়াতিৰ লগত বিভাগীয় কাৰ্মচাৰী সকলে সংগ দিব অৰ্থাত্ ভূৱা ব্যৱহাৰিক প্ৰমান পত্ৰ প্ৰধান কৰিব ঠিকাদাৰ সকলক এনেকৈ প্ৰতি বছৰে বছৰে কোটি টকীয়া পাৰ্কোপাইন আঁচনিৰ মাত্ৰ এক ডেৰ লাখ টকাৰ পাৰ্কোপাইন পেলাই কোটি কোটি টকা লুন্ঠন কৰিছে। নদীৰ এই খহনীয়াৰ অচিলা লৈ ঠিকাদাৰ সকলে কাম নকৰি কোটি কোটি লুন্ঠন কৰাৰ যথেষ্ট উদাহাৰণ বহুবাৰ ৰাজহুৱা হৈছে। জলসম্পদ বিভাগৰ দুই এক কৰ্মচাৰীৰ লগত খহনীয়া প্ৰতিৰোধৰ নামত আৱন্টিত ধনৰ বিপৰীতে কাঠনিত পেলাৱ লগীয়া পাৰ্কোপাইন এনেধৰে পৰি আছে যাৰ ফলত ৰাইজৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেই পেলাই থোৱা এই পাৰ্কোপাইন কেইটা কামত লগলে কিছু পৰিমানে হলেওঁ খহনীয়াৰ পৰা ৰক্ষা পালে হেতেন। গতিকে এই পাৰ্কোপাইনৰ বিৰুদ্ধে এক উচিত তদন্তৰ দাবী তুলিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.