ETV Bharat / state

Bhaona performed in Morigaon: মৰিগাঁৱত মহাযজ্ঞ শীৰ্ষক অংকীয়া ভাওনা প্ৰদৰ্শন - ৰামধেনু নাট্যগোষ্ঠী

মৰিগাঁৱৰ অন্যতম নাট্যগোষ্ঠী ৰামধেনুৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিশা অনুষ্ঠিত হয় মহাযজ্ঞ শীৰ্ষক আধুনিক অংকীয়া ভাওনা(Bhauna performed in Morigaon) । নাটখনিত বিভিন্ন কলা-কুশলীৰ অভিনয়ে মুহিলে দৰ্শকৰ মন ।

bhauna performed in morigaon
মৰিগাঁৱত মহাযজ্ঞ শীৰ্ষক অংকীয়া ভাওনা প্ৰদৰ্শন
author img

By

Published : Nov 4, 2022, 6:44 PM IST

মৰিগাঁও,৪ নৱেম্বৰ: "কাব্যেষু নাটকম ৰম্যম" শীৰ্ষক মন্ত্ৰৰে মৰিগাঁৱৰ অন্যতম নাট্যগোষ্ঠী ৰামধেনুৰ উদ্যোগত অভিজিত মহন্তৰ ৰচনা আৰু পুলেন কাকতিৰ পৰিচালনাত মঞ্চায়ন মহাযজ্ঞ । নিশা অনুষ্ঠিত হোৱা এই ভক্তি ৰসৰ নাটখনিৰ উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই । উদ্বোধক দেৱাশীষ শৰ্মাই নাটকখনি উদ্বোধন কৰি দিয়া ভাষণত নাট্যগোষ্ঠীৰ সকলো কৰ্মকৰ্তাক শলাগ লয়(Bhaona performed in Morigaon) ।

মৰিগাঁৱত মহাযজ্ঞ শীৰ্ষক অংকীয়া ভাওনা প্ৰদৰ্শন

এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা আৰু প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা আৰু নাট্যকাৰ, পৰিচালক, লেখক, প্ৰকাশক অৰুণজ্যোতি নাথ । উজনি অসম আৰু মধ্য অসমৰ নাটকীয় কলা সংমিশ্ৰণৰে মঞ্চায়ন কৰা নাটখনি উপভোগ কৰিবলৈ মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সমবেত হয় কেইবা হাজাৰ নাট্যপ্ৰেমী দৰ্শক ।

ইফালে সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰে অভিনেতা,অভিনেত্ৰী তথা কলাকুশলীসকলে । ৰামধেনু নাট্যগোষ্ঠীৰ সভাপতি মুকুল হাজৰিকা, কাৰ্যকৰী সভাপতি প্ৰনৱ দাস, উপসভাপতি ৰাজেন গোস্বামী, সম্পাদক কুলিন বৰাই জনোৱা মতে ৰামধেনু নাট্যগোষ্ঠীৰ এই সপ্তম নাট্যবৰ্ষৰ অংশ ৰূপে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু দুখন ভিন্ন ৰসৰ নাটক মঞ্চায়ন কৰিব নাট্যগোষ্ঠীটোৱে ।

লগতে পঢ়ক: Women physically assaulted by colleague: অসমীয়া মহিলাক প্ৰহাৰ কৰি বিপদত বহিঃৰাজ্যৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.