ETV Bharat / state

দলং নিৰ্মাণৰ দাবীত নাম প্ৰসংগেৰে প্ৰতিবাদ ৰাইজৰ - Morigaon news

৮ বছৰে সম্পূৰ্ণ নহ'ল জাগী ভকতগাঁৱৰ কপিলি নৈৰ দলং ৷ দলং নিৰ্মাণৰ দাবীত নাম প্ৰসঙ্গৰে প্ৰতিবাদ ৰাইজৰ ৷

দলং নিৰ্মাণৰ দাবীত নাম প্ৰসঙ্গৰে প্ৰতিবাদ ৰাইজৰ
author img

By

Published : Sep 10, 2019, 2:42 PM IST

মৰিগাঁও, 10 ছেপ্তেম্বৰঃ ২০১১ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা কৰা জাগী ভকতগাঁৱৰ কপিলী নৈৰ দলং খন আজিলৈ সম্পূৰ্ণ নোহোৱাত শংকাৰ মাজৰে যাতায়াত অব্যাহত ৰাখিছে মৰিগাঁওবাসীয়ে । ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া দলং খনৰ এটাও খুটা আজিলৈ সম্পূৰ্ণ নোহোৱাত নিৰ্মাণকাৰী কোম্পানী "চিমপ্লেক্স" ৰ অকমণ্যতা প্ৰকাশ পাইছে । অতি লেহেমীয়া গতিৰে দলং নিৰ্মাণ কৰি থকা "চিমপ্লেক্স" কোম্পানীয়ে কপিলি নৈৰ ছটা খুঁটা যুক্ত দলং খনৰ এটা খুঁটাও আজিলৈ সম্পূৰ্ণ কৰিব পৰা নাই । দলং নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত ক্ষোভিত ৰাইজে প্ৰতিষ্ঠানটোৰ লগতে চৰকাৰৰ সুমতি বিচাৰি জল পূজাৰ লগতে নাম প্ৰসঙ্গৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ ৷ উল্লেখ্য যে ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব লগীয়া দলং খনৰ বাবদ বৰ্তমানলৈ ১১ কোটি টকা মোকলাই দিছে। তৎস্বত্তেও দলং খনৰ এটাও খুঁটা আজিলৈ সম্পূৰ্ণ নোহোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে সকলোৱে ।

Intro:# ৮ বছৰে সম্পূৰ্ণ নহ'ল জাগী ভকতগাঁৱৰ কপিলি নৈৰ দলং।Body:

২০১১ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা কৰা জাগী ভকতগাঁৱৰ কপিলি নৈৰ দলং খন আজিলৈ সম্পূৰ্ণ নোহোৱাত অতি শংকাৰ মাজৰে
যাতায়াত যোগাযোগৰ অব্যাহত ৰাখিছে মৰিগাঁও বাসীয়ে। ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব লগীয়া দলং খনৰ এটাও খুটা আজিলৈ সম্পূৰ্ণ নোহোৱাত নিৰ্মাণকাৰী কোম্পানী "চিমপ্লেক্স" ৰ অকমন্যতা ওলায় পৰিছে। অতি লেহেমীয়া গতিৰে দলং নিৰ্মাণ কৰি থকা "চিমপ্লেক্স" কোম্পানীয়ে কপিলি নৈৰ ছটা খুটা যুক্ত দলং খনৰ এটাও খুটা আজিলৈ সম্পূৰ্ণ হোৱা নাই। ১৯৬২ চনত নিৰ্মিত পুৰনি দলং খনৰ কাষেৰে পূব দিশত নতুন দলং খনৰ কাম আৰম্ভ কৰিছিল বিয়াগোম কোম্পানী" চিমপ্লেক্সে"। ২০১১ চনৰ পৰা নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা দলং খন সম্পূৰ্ণ কৰাৰ দাবীত বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো সু ফল পোৱা নাই ৰাইজে। সেয়ে মঙ্গল বাবে এক গণতান্ত্ৰিক আন্দোলনৰ লগতে জল পূজা কৰি কোম্পানী আৰু চৰকাৰক আহ্বান জনায় ৰাইজে।
উল্লেখ্য যে ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব লগীয়া দলং খনৰ বাবদ বৰ্তমানলৈ ১১ কোটি টকা মোকোলাই নিজে কোম্পানীয়ে। তৎস্বত্তেও দলং খনৰ এটাও খুটা আজিলৈ সম্পূৰ্ণ নোহোৱাত আশ্বৰ্য্য প্ৰকাশ কৰিছে সকলোৱে। ইতিমধ্যে পূৰ্বৰ দলং খনৰ ম্যাদ ২০১২ চনত উকলি গৈছে।

Conclusion:# দলং নিৰ্মাণৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ
# নাম প্ৰসঙ্গৰে প্ৰতিবাদ ভক্ত প্ৰাণ ৰাইজৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.