ETV Bharat / state

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্যক লৈ দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 1, 2020, 8:58 PM IST

বটদ্ৰৱাৰ জাজৰি নিচানতল নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক চৰকাৰে যোগান ধৰা খাদ্য সামগ্রী বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যাৰ ফলত বস্তাই বস্তাই চাউল পচিছে বিদ্যালয়ৰ ভিতৰতে । । এতিয়া বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজে ।

batradava midday meal scam rice recovered
ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্যক লৈ দুৰ্নীতিৰ অভিযোগ

বটদ্ৰৱা,১ জুলাই : মহামাৰী ক'ৰণাৰ বাবে বৰ্তমান খাদ্য সংকটত ভুগিছে দৰিদ্ৰ লোকসকল । এই দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক সকাহ দিবৰ বাবে চৰকাৰে আগবঢ়াই আহিছে চৰকাৰী সাহাৰ্যৰ লগতে খাদ্য সামগ্রীৰ টোপোলা । কিন্তু এই খাদ্য সামগ্রী সমূহতো আছে একাংশ অসাধু ব্যক্তিৰ লোলুপ দৃষ্টি । চৰকাৰৰ দ্বাৰা যোগান ধৰা এই খাদ্য সামগ্রী সমূহ বিতৰণ কৰা হৈছে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকৰ জৰিয়তে । এই সমূহ খাদ্য সামগ্রী বিতৰণ কৰোতে যাতে কোনো ধৰণৰ দূৰ্নীতি সংঘটিত নহয় তাৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

কিন্তু, জাজৰি নিচানতল নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক চৰকাৰে যোগান ধৰা খাদ্য সামগ্রী বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যাৰ ফলত বস্তাই বস্তাই চাউল পচিছে বিদ্যালয়ৰ ভিতৰতে । চৰকাৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীক যোগান ধৰিছিল প্ৰতিদিনে ১০০ গ্রাম চাউল আৰু ৪.৪৮ টকা । কিন্তু এতিয়া একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে এই কণ কণ ছাত্ৰ ছাত্ৰীৰ নামত অহা খাদ্য সামগ্রীৰ নামতো দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । অকল চাউলেই নহয়, কমাই দিলে শিশুসকলৰ নামত আৱন্টিত সামান্য পইচা খিনিও ।

জাজৰি নিচানতল নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত এই দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত অভিভাৱক সকলে তদন্তৰ দাবী উত্থাপন কৰিছে । বিষয়টো সংক্ৰান্তত কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

লগতে পঢ়ক : দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ নামত প্ৰতিমূৰ্তি উন্মোচন কৰিলে পুটিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.