মৈৰাবাৰী, 4 অক্টোবৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰীত গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয় । জিলাখনৰ মৈৰাবাৰীৰ হাতীমূৰীয়া এ.পি.জে আব্দুল কালাম বিদ্যাপীঠত অনুষ্ঠিত হয় সজাগতা সভাখন ।
অভিযোগ অনুসৰি, মৈৰাবাৰীত বহুত যুৱক জুৱা, মদ, ভাং, শিশু-শ্ৰমিক, বাল্য-বিবাহ, আদিৰ প্ৰতি আসক্তি হোৱা দেখা পোৱা গৈছে । অসামাজিক কাৰ্যকলাপৰ পৰা নৱ প্ৰজন্মক আঁতৰাই আনিবলৈ মৈৰাবাৰীত বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত এনে সজাগতা সভা অনুষ্ঠিত কৰিছিল যদিও বহুতো লোক এই অপকৰ্মৰ পৰা আঁতৰি অহা নাছিল ।
লগতে পঢ়ক : প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জত বালি মাফিয়াৰ ৰাজত্ব
দেওবাৰে এ.পি.জে.আব্দুল কালাম বিদ্যাপীঠত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে হোৱা সজাগতা সভাত উপস্থিত থাকে মৈৰাবাৰী আৰক্ষী নিৱেশ ASI লাহন চন্দ্ৰ নাথ, মুছলিম ছাত্র সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানি, ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলাৰ সাংগঠনিক আয়ুক্ত আজহাৰ উদ্দিন আহমেদ, মৈৰাবাৰী মহিলা ক্লাৱৰ সভানেত্রী মিছিৰা বেগম আৰু নগাঁও-মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ আবু সাহিদ কবিৰ ।
লগতে পঢ়ক : প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ