ETV Bharat / state

বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা

মৰিগাঁও জিলাৰ মিকিৰভেটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰভগীয়া গাঁৱত সংঘটিত হৈছে এক অঘটন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৰভগীয়াৰ এগৰাকী মহিলাই বন্ধন বেংকৰ পৰা 30,000 টকাৰ ঋণ লৈছিল ৷ এই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতে আত্মহত্যাৰ চেষ্টা চলাই মহিলাগৰাকীয়ে ৷

author img

By

Published : May 8, 2021, 2:08 PM IST

বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ অপচেষ্টা মহিলাৰ

মৰিগাঁও,8 মে’: শুকুৰবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰভগীয়া গাঁৱত সংঘটিত হৈছে এক অঘটন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৰভগীয়াৰ এগৰাকী মহিলাই বন্ধন বেংকৰ পৰা 30,000 টকাৰ ঋণ লৈছিল ৷ এই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতে আত্মহত্যাৰ চেষ্টা চলাই মহিলা গৰাকীয়ে ৷

ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি, বন্ধন বেংকৰ পৰা মহিলা গৰাকীয়ে ঋণ লোৱাৰ বিপৰীতে গাঁৱৰে হিয়ামণি দেৱী নামৰ আন এগৰাকী সম্পৰ্কীয় মহিলাই তেওঁৰ নামত ঋণ লৈ দিছিল ৷ কিন্তু কৰ’ণা মহামাৰীৰ ফলত হোৱা লক ডাউনৰ ফলত ঋণ পৰিশোধ কৰিব পৰা নাছিল ভুক্তভোগী মহিলা গৰাকীয়ে ৷

ইফালে ঋণ লৈ দিয়া হিয়ামণি দেৱীয়ে ভুক্তভোগী মহিলাগৰাকীক ঋণ পৰিশোধ কৰিবলৈ মানসিকভাৱে হেঁচা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যদি মহিলাগৰাকীয়ে ঋণ পৰিশোধ কৰিব নোৱাৰে, তেন্তে হিয়ামণি দেৱীয়ে আত্মহত্যা কৰিবলৈ উচতনিমূলক মন্তব্য প্ৰদান কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ স্বামীয়ে ৷

উল্লেখ্য যে, যিখিনি সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ক্ষুদ্ৰ সঞ্চয় ঋণ ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল, সেই সময়তে জিলাখনত এনে ঘটনা সংঘটিত হোৱাত এই ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.