ETV Bharat / state

কন্টেইনমেন্ট জ’নত বজাৰ বন্ধ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী

author img

By

Published : Jul 16, 2021, 10:02 AM IST

লাহৰীঘাটত সংঘটিত হৈছে কৰ্তব্যৰত আৰক্ষী(on duty police officials)ৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ ক’ভিড নীতি অমান্য হোৱাৰ খবৰ শুনি বজাৰ বন্ধ কৰিবলৈ গৈ একাংশৰ আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷

attack-on-police-officials-by-mob-in-a-market-in-laharighat
বজাৰ বন্ধ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী

ধিং, 16 জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ, লাহৰীঘাটত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীৰ ওপৰত একাংশ ৰাইজে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা । কৰ’ণাৰ বাবে ৰাজ্যৰ সাতখন জিলাৰ লগতে মৰিগাঁও জিলাখনো সম্পূৰ্ণ কণ্টেইনমেন্ট জ’ন(containment zone) হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । কিন্তু, এনে সময়তে ক’ভিড নীতি উলংঘা কৰা একাংশই খোদ কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

attack-on-police-officials-by-mob-in-a-market-in-laharighat

চৰকাৰে কন্টেইনমেন্ট জ’নৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশই লাহৰীঘাটৰ কাঠনী গৰম বজাৰ ঘাট পাৰত সুকলমে বজাৰ বহুৱাই আহিছিল ৷ উক্ত বজাৰত বিভিন্ন চৰ-চাপৰিৰ পৰা লোকে সমাগম কৰাৰ খবৰ লাহৰীঘাট আৰক্ষীয়ে লাভ কৰি বজাৰ বন্ধ কৰিবলৈ যায় আৰক্ষী ৷ কৰ্তব্য় কৰিব যোৱা লাহৰীঘাট আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায় একাংশ লোকে ।

প্ৰথমে হতাহতি আৰু পিছত আৰক্ষী বাহিনীৰ ওপৰত জপিয়াই পৰে একাংশ আক্ৰমণকাৰী ।

উল্লেখ্য যে, লাহৰীঘাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক(SI) বিনয় মালাকাৰৰ লগতে গাড়ী চালক শ্বহিদুল ইছলাম ওৰফে পিংকু এই আক্ৰমণৰ বলি হয় ৷ আক্ৰমণত গাড়ী চালক পিংকু আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । ইফালে, ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে দুস্কৃতিকাৰীৰ দলটো ৷ ৰাজ্যজুৰি আৰক্ষীয়ে তীব্ৰতাৰে সৈতে কাম কৰি থকাৰ সময়তে এইদৰে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ হোৱাৰ ঘটনাই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.