ETV Bharat / state

Assam CM wife land scam: মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিতৰ্কৰ ED-CBIৰ তদন্তৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিতৰ্কৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ ৷ সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী দলটোৰ সভাপতি ৰিপুন বৰাৰ ৷ মৰিগাঁৱত শনিবাৰে অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী ৷

Assam CM wife land scam
Assam CM wife land scam
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 5:51 PM IST

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিতৰ্কৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

মৰিগাঁও, 15 ছেপ্টেম্বৰ: ভূমি কেন্দ্ৰিক বিতৰ্কই একপ্ৰকাৰ নিদ্ৰা হৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ৷ দলীয় সমৰ্থনৰ বিপৰীতে অকলেই আত্মপক্ষ সমৰ্থন কৰি বিৰোধীক উত্তৰ দিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাই ৷ মুঠৰ ওপৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰা 10 কোটি টকাৰ ৰাজসাহায্য ব্যাপক চৰ্চাত ৷

এই সন্দৰ্ভত সৰৱ হৈছে অসম তৃণমূল কংগ্ৰেছ ৷ মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ এক যোগদান অনুষ্ঠানত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

কৃষি ভূমিক উদ্যোগ ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি সেই ভূমিৰ নামত কৃষকৰ ধন শৰাধ কৰাটো বে-আইনী বুলি উল্লেখ কৰি এই সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনায় ৰিপুন বৰাই ৷ বিতৰ্কিত ভূমি কেলেংকাৰীক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰি ৰিপুন বৰাই কয়, ‘‘বিৰোধীৰ পিছত লাগি ED, CBI ক’লৈ গ’ল ৷ মুখ্যমন্ত্ৰীৰ পত্নী তথা আপোনাৰ মানুহ হোৱাৰ বাবেই ED,CBIৰ তদন্ত ঘোষণা কৰা নাই নেকি ?’’

তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰে দুখীয়া মানুহক চৰকাৰী মাটিৰ পট্টন দি এমাহৰ ভিতৰতে আকৌ দুখীয়া জনতাৰ পৰা ক্ৰয় কৰিলে । মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰিলে । প্ৰধানমন্ত্ৰীৰ খাদ্য প্ৰসাধন আঁচনিৰ জৰিয়তে 10 কোটি টকাৰ ৰাজসাহায্য লৈ কৃষকক ৰাম ঠগন দিয়া কাৰ্য বে-আইনী আৰু দুৰ্ভাগ্যজনক ৷ ইয়াৰোপৰি ৰিণিকি ভূঞা কৃষক নেকি বুলি উল্লেখ কৰি ৰিণিকি ভূঞাই পথাৰত বোকা গচকি পাইছেনে বুলিও প্ৰশ্ন কৰে বৰাই ৷

শুকুৰবাৰে মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাই চিলিং মাটি ক্ৰয়ৰ সন্দৰ্ভত এইদৰেই ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইফালে আগন্তু লোকসভা নিৰ্বাচনৰ বাবে ৰাইজক বিজেপিৰ বিৰুদ্ধে সাজু হ’বলৈও আহ্বান জনায় ৷ উল্লেখ্য যে শুকুৰবাৰৰ অনুষ্ঠানত প্ৰায় তিনিশতাধিক লোকে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ যোগদান কৰে ৷

লগতে পঢ়ক: Assam CM wife land scam: কেন্দ্ৰৰ পৰা ৰাজসাহায্য পোৱা নাই বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.