মৰিগাঁও, ২৮ অক্টোবৰ : হিমাচল প্ৰদেশ বিলাসপুৰত অনুষ্ঠিত চিনিয়ৰ ৰাষ্ট্ৰীয় কেনয়িং আৰু কায়াকিং চেম্পিয়নশ্বিপত ২০২১ ত প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ অসম পুৰুষ দলে ৷ অসম পুৰুষ দলে C2-Men-200 মিটাৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ।
বিলাসপুৰত ২৪ অক্টোবৰ পৰা ২৭ অক্টোবৰৰলৈকে অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷ পদক লাভ কৰা প্ৰতিযোগী দুগৰাকী বিৰঞ্জন কোঁৱৰ আৰু গোলাপ ফাংচং । অসম দলৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰে খেলুৱৈ দুগৰাকীয়ে মৰিগাঁৱৰ চাৰণবিলত থকা কেনয়িং আৰু কায়াকিং প্ৰশিক্ষণ চেন্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
অনন্ত বৰঠাকুৰে পদক বিজয়ী খেলুৱৈ দুগৰাকীক অভিনন্দন জনায় ৷ ইফালে ১৩জনীয়া অসম কেনয়িং আৰু কায়াকিং দলটোৰ মাজতো এই খবৰে উৎসাহিত কৰাৰ কথা জানিবলৈ দিয়ে প্ৰশিক্ষক অনন্ত বৰঠাকুৰে ।
প্ৰশিক্ষকগৰাকীয়ে অসম দলৰ খেলুৱৈসকলে প্ৰশিক্ষণৰ প্ৰয়োজনীয় সজুলীৰ অবিহনে কঠোৰ অনুশীলন কৰি এই প্ৰতিযোগিতাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে উপযুক্ত সা-সুবিধা পালে তেওঁলোকে ইয়াতকৈও অধিক ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব বুলি সদৰি কৰে ।
লগতে পঢ়ক : ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই