ETV Bharat / state

পৰ্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বাৰিষাৰ আগমনৰ লগে লগে অভয়াৰণ্যখনৰ ভিতৰৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী ।

পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য
author img

By

Published : May 16, 2019, 9:49 AM IST

মৰিগাঁও, 16 মে’: এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য 16 মে’ৰ পৰা 30 ছেপ্টেম্বৰলৈকে দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে । চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে অভয়াৰণ্যখনত বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী । অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বাৰিষাৰ আগমণৰ লগে লগে অভয়াৰণ্যখনৰ ভিতৰৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী । 16 বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যখনত প্ৰায় ১০২ টা গঁড়, দুই শতাধিক বনৰীয়া ম’হ , সহস্ৰাধিক বনগাহৰি আৰু কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আছে । আনহাতে আগন্তুক বাৰিষাত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে বন্যজন্তুসমূহক ৰক্ষণাবেক্ষণ দিবলৈ পবিতৰাৰ বনবিভাগ ইতিমধ্যে সাজু হৈ উঠিছে বুলি মন্তব্য বন-বিষয়াৰ ।

পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

উল্লেখ্য যে,পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত পবিতৰাত বিগত 2017-18 বৰ্ষত দেশী পৰ্যটক 24,463 জন আৰু বিদেশী পৰ্যটক 578 জনৰ পৰা প্ৰায় 45,43,750 টকা আদায় কৰাৰ বিপৰীতে 2018-19 বৰ্ষত দেশী পৰ্যটক প্ৰায় 34,606 জন আৰু বিদেশী পৰ্যটক 605 জনৰ পৰা প্ৰায় 61,92,1250 টকা আদায় কৰি বিগত বৰ্ষৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ।

লগতে আন এটি বাতৰি - মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

Intro:আজিৰে পৰা পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্যBody:আজিৰে পৰা পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য : বন্ধ হাতী ছাফাৰী আৰু জীপ ছাফাৰী
১৫মে : এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য কাইলৈ ১৬ মে’ৰ পৰা দেশী-বিদেশী সকলো পৰ্য্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে অভয়াৰণ্যখনত বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী। অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বাৰিষাৰ আগমণৰ লগে লগে অভয়াৰণ্যখনৰ অন্তৰ্ভাগৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰনেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী। পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই জনোৱা মতে বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত অভয়াৰণ্য দৰ্শন কৰিবলৈ অহা পৰ্য্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে মূখৰিত পবিতৰাত বিগত ২০১৭-১৮ বৰ্ষত দেশী পৰ্যটক ২৪,৪৬৩ জন আৰু বিদেশী পৰ্যটক ৫৭৮ জনৰ পৰা প্ৰায় ৪৫,৪৩,৭৫০ টকাৰ আদায় কৰাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত দেশী পৰ্যটক প্ৰায় ৩৪,৬০৬ জন আৰু বিদেশী পৰ্যটক ৬০৫ জনৰ পৰা প্ৰায় ৬১,৯২,১২৫০ টকা আদায় কৰি বিগত বৰ্ষৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১৬ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যখনত প্ৰায় ১০২ টা গড়, দুই শতাধিক বনৰীয়া মহ , সহস্ৰাধিক বনগাহৰি আৰু কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আছে। আনহাতে আগন্তুক বাৰিষাত অসম গৌৰৱ এশিঙীয়া গড়ৰ লগতে বন্যজন্তুসমূহক ৰক্ষণাবেক্ষণ দিবলৈ পবিতৰাৰ বনবিভাগ ইতিমধ্যে সাজু হৈ উঠিছে।Conclusion:বন্ধ হাতী ছাফাৰী আৰু জীপ ছাফাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.