ETV Bharat / state

গুৰুজনাৰ জন্মোৎসৱৰ দিনটোত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰক: বাবুল বৰা

অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰসকলে আলফা(স্বা) আৰু চৰকাৰৰ সৈতে আলোচনা হোৱাৰ পোষকতা কৰিছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৷

author img

By

Published : May 25, 2021, 10:50 AM IST

গুৰুজনাৰ জন্মোৎসৱতটোক ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰক: বাবুল বৰা

মৰিগাঁও,25 মে’: আলোচনাৰ মাজলৈ আহিব নেকি আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ! ৰাজ্য চৰকাৰৰ সৈতে সঁচাকৈয়ে আলোচনাত মিলিত হ’ব নেকি স্বাধীন অসমৰ স্বপ্নদ্ৰষ্টা পৰেশ বৰুৱা ৷ এই লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়তে ৰাজ্য চৰকাৰ আৰু আলফা স্বাধীনৰ সাম্ভাব্য আলোচনাৰ পক্ষত মন্তব্য প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘই ৷

গুৰুজনাৰ জন্মোৎসৱৰ দিনটোত ৰাষ্ট্ৰীয় বন্ধ ঘোষণাৰ দাবী

অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰসকলে আলফা(স্বা) আৰু চৰকাৰৰ সৈতে আলোচনা হোৱাৰ পোষকতা কৰিছে ৷ অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ হেতুকে আলফা স্বাধীন আৰু চৰকাৰৰ সৈতে আলোচনাৰ পক্ষত এখোজ আগবঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে ৷

ইফালে কৰ’ণা মহামাৰীৰ সৈতে যুঁজ দিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5.6 লাখ টকাৰ সাহায্য শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে বুলিও মন্তব্য কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৷ আনহাতে, গুৰুজনাৰ জন্মোৎসৱৰ দিনটোক ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে স্বীকৃতি প্ৰদান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ স্বাভিমান, অসমৰ পৰিচয়ৰ দাঙি ধৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক: আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.