মৰিগাঁৱ, 28 জুলাইঃ দেওবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মৰিগাঁও জিলাৰ বানবিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰে ৷ জিলাখনৰ ধিং সমষ্টিৰ অন্তৰ্গত বহুকেইটা আশ্ৰয় শিৱিৰ পৰিভ্ৰমণ কৰাৰ লগতে খাদ্যসামগ্ৰী বিতৰণ কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে উপস্থিত থাকে কংগ্ৰেছী নেতা হাইদৰ আলী, আনোৱাৰ হুছেইন, নেকিবুৰ ৰহমান হাজৰিকা, আবিদা বেগম আৰু চামিম হাছানে ৷
মৰিগাঁৱৰ বানবিধ্বস্ত অঞ্চলত সাংসদ গৌৰৱ গগৈ - Flood Affected Morigaon
দেওবাৰে মৰিগাঁৱ জিলাৰ ধিং সমষ্টিৰ বানবিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
গৌৰৱ গগৈ
মৰিগাঁৱ, 28 জুলাইঃ দেওবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মৰিগাঁও জিলাৰ বানবিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰে ৷ জিলাখনৰ ধিং সমষ্টিৰ অন্তৰ্গত বহুকেইটা আশ্ৰয় শিৱিৰ পৰিভ্ৰমণ কৰাৰ লগতে খাদ্যসামগ্ৰী বিতৰণ কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে উপস্থিত থাকে কংগ্ৰেছী নেতা হাইদৰ আলী, আনোৱাৰ হুছেইন, নেকিবুৰ ৰহমান হাজৰিকা, আবিদা বেগম আৰু চামিম হাছানে ৷
Intro:ধিং সমষ্টিৰ বান এলেকাত আজি কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পৰিদৰ্শন কৰে লগতে আশ্ৰয় শিবিৰত কিছু খাদ্য সামগ্ৰী বিতৰন কৰে।Body:বানবিধস্ত ধিং সমষ্টিৰ বৰবৰী, ভজাখাইতি, বৰচাপৰি অঞ্চলত আজি কলিয়াবৰ সোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পৰিদৰ্শন কৰে। যোৱা 12 জুলাইৰ পৰা আৰম্ভ হোৱা ভয়াবহ বানপানীৰ ফলত ধিং সমষ্টিৰ বহু কেইখন গাৱৰ লোক বানত আক্ৰান্ত হোৱাত আজি সাংসদ গৌৰৱ গগৈয়ে নিজাববীয়াকৈ কিছু পৰিমানৰ খাদ্য সামগ্ৰী লগত লৈ আশ্ৰয় শিবিৰ সমূহ নাওঁৰে পৰিদৰ্শন কৰি খাদ্য সামগ্ৰী সমূহ বন্যাৰ্ত সকলৰ মাজকত বিতৰন কৰে। বন্যাৰ্ত সকলৰ বিভিন্ন সমস্যা অভাৱ অভিযোগ বুজ লৈ সাংসদ গৰাকীয়ে কয় বানাক্ৰান্ত লোকে চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাব লাগিছিল সিমান খিনি পোৱা নাই। মানুহ খিনি যথেষ্ট কষ্ঠ কৰি আছে। বানাক্ৰান্ত ৰাইজে যাতে সকলো সুবিধা পায় তাৰ কাৰনে জিলা উপায়ুক্ত লৈ আলোচনা কৰা হৈছে। তেওঁ আৰু কয় যোৱা ইউপি চৰকাৰৰ দিনত যিমান কাম হৈছে এই চৰকাৰৰ আমোলত হোৱা নাই। আজি গৌৰৱ গগৈয়ে বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজলোৱাৰ সময়ত কংগ্ৰেছ দলৰ ধিং সমষ্টিৰ শক্তি শালী নেতা হাইদৰ আলী, আনোৱাৰ হুছেইন, ৰোড্ ছৰ সম্পাদক নেকিবুৰ ৰহমান হাজৰিকা, মৈৰাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি মৈৰাবাৰী দলৈগাওঁ জিলা পৰিষদৰ সদস্য ক্ৰমে, আবিদা বেগম, চামিম হাচানে লগতে সংগ দিয়ে।Conclusion: