ETV Bharat / state

প্ৰেমিকাৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ প্ৰেমিক - nude photo on social media

সামাজিক মাধ্যমত প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি ৰঙাঘৰত সোমাল ভণ্ড প্ৰেমিক । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও লাহৰীঘাটত । ভুক্তভোগীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত জেললৈ প্ৰেৰণ প্ৰেমিক জিন্নতুলক ।

প্ৰেমিকাৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

author img

By

Published : Aug 4, 2020, 3:09 AM IST

মৰিগাঁও, 4 আগষ্ট: প্ৰেমৰ নামত প্ৰতাৰণা ৷ প্ৰেমিকাৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়া ফেচবুকত ভাইৰাল প্ৰেমিকৰ ৷ প্ৰথমে প্ৰেম,তাৰ পিছত শাৰীৰিক সম্পৰ্ক আৰু অৱশেষত ফেচবুকত ভাইৰাল প্ৰেমিকাৰ অশ্লীল ফটো । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাঁতিয়ালবৰী গাঁৱত । গাঁওখনৰ জিন্নাতুল ইছলাম নামৰ এজন ভণ্ড প্ৰেমিকে একেখন গাঁৱৰে এগৰাকী 15 বছৰীয়া যুৱতীৰ সৈতে স্থাপন কৰিছিল প্ৰেমৰ সম্পৰ্ক । লাহে লাহে দুয়োৰে প্ৰেম হৈছিল গভীৰ । ভণ্ড প্ৰেমীক জিন্নাতুলে যুৱতীগৰাকীক গভীৰ প্ৰেমত পেলাই কৰিছিল শাৰীৰিক সম্পৰ্ক। আনহাতে কেমেৰাত বন্দী কৰি থৈছিল যুৱতীগৰাকীৰ অশ্লীল ফটো । সময় বাগৰিছিল । লাহে লাহে ভণ্ড প্ৰেমিক জনে আৰম্ভ কৰিছিল যুৱতীগৰাকীক ব্লেক মেইলিং ।

তাৰ পাছতে ভণ্ড প্ৰেমিক জিন্নাতুলে ফেচবুকত আপলোড দিছিল প্ৰেমিকাৰ অশ্লীল ফটো । যুৱতীগৰাকীৰ এনে অশ্লীল ফটো ফেচবুকত আপলোড হোৱাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালে যুৱক জনৰ বিৰুদ্ধে লাহৰীঘাট থানাত ৰুজু কৰে এক গোচৰ । তাৰ পাছতে লাহৰীঘাট আৰক্ষীয়ে ভণ্ড প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে চাওক-তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.