মৰিগাঁও,২৮জুন : ধিং এপেক্স বেংকত উত্তেজনাময় পৰিৱেশ। ড্ৰাফ্ট কটাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় বেংকটোত। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা উত্তীৰ্ণ হোৱা 1986 পৰা 2005 চনলৈকে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ লোৱাৰ বাবে আৱেদনৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিছিল 30 জুনলৈকে। বেংকটোত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচণ্ড ভিৰ আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত 15 জুলাইলৈ বৃদ্ধি কৰা হৈছে আবেদন জমা দিয়াৰ তাৰিখ। কিন্তু ধিং সমষ্টিৰ ধিং এপেক্স বেংকত ড্ৰাফ্ট কাটিবলৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাত বেংকটোত বহু সময় ধৰি বন্ধ হৈ পৰে কাম কাজ । বেংকটোৰ পৰিচালকৰ মতে বেংকটোত ড্ৰাফ্ট দিবলৈ প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱৰ বাবেই কমকৈ ড্ৰাফ্ট দিব লগীয়া হৈছে ।
ড্ৰাফ্ট কটাক কেন্দ্ৰ কৰি ধিং এপেক্স বেংকত উত্তেজনাময় পৰিৱেশ
ড্ৰাফ্ট কটাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় ধিং এপেক্স বেংকত । বেংকটোৰ পৰিচালকৰ মতে বেংকটোত ড্ৰাফ্ট দিবলৈ প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ ।