মৰিগাঁও,17 আগষ্ট: সোমবাৰৰ দিনটোত কা বিৰোধী প্ৰতিবাদত উত্তাল হ’ল মৰিগাঁৱৰ আকাশ-বতাহ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোমবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হ’ল প্ৰতিবাদ ৷ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA 2020 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
মৰিগাঁৱৰ ৰাজপথত সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ প্ৰতিবাদকাৰীসকলে বেনাৰ, ফেষ্টুন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে মুখৰিত কৰে ৰাজপথ । বিগত 2015 চনৰ পৰা ৰাজ্যৰ নাগৰিকসকলৰ লগতে বিভিন্ন দল-সংগঠনে কেবৰ পিছতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিৰন্তৰভাৱে সাব্যস্ত প্ৰতিবাদ কৰে ৷
লগতে চাওকঃ পুনৰ বানৰ কবলত জলেশ্বৰৰ বৃহৎ অঞ্চল