ETV Bharat / state

AJYCP Palash Changmai: অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বঢ়োৱা মানে ৰাজ্যখনৰ উন্নয়ন নুবুজায়; পলাশ চাংমাই

author img

By

Published : Aug 18, 2023, 4:07 PM IST

ভূমি অধিকাৰ, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিলেহে অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব । সমাজখনৰ একেবাৰে শেষৰগৰাকী হিতাধিকাৰী অৰ্থনৈতিক দিশটো টনকীয়াল হ’লেহে ৰাজ্যৰ উন্নয়ন হোৱা বুলি কব পাৰি, অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বঢ়োৱা মানে ৰাজ্যখনৰ উন্নয়ন নুবুজায় ৷ মন্তব্য পলাশ চাংমাইৰ ৷

AJYCP Palash Changmai
AJYCP Palash Changmai
AJYCP Palash Changmai

মৰিগাঁও, 18 আগষ্ট: শুকুৰবাৰে মৰিগাঁৱৰ আৱৰ্ত ভৱনত কেইবাটাও বিষয়ৰ ওপৰত সাংবাদিকৰ আগত মন্তব্য কৰে অসম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে ৷ চৰকাৰৰ অৰুণোদয় আঁচনি সন্দৰ্ভত মন্তব্য কৰি পলাশ চাংমাইয়ে কয় যে যেতিয়ালৈকে অৰুণোদয় আঁচনিৰ শেষৰজন হিতাধিকাৰীৰ অৰ্থনৈতিক অৱস্থা উন্নত নহয় তেতিয়ালৈকে এখন ৰাজ্যৰ উন্নয়ন হোৱা বুলি ক'ব নোৱাৰি ৷

মূল্যবৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰৰ ভুল অৰ্থনৈতিক সিদ্ধান্তৰ বাবেই ৰাজ্যবাসীয়ে মূল্যবৃদ্ধিৰ কৱলত পৰিছে ৷ এইয়া দেশৰ বিখ্যাত অৰ্থনৈতিক বিদসকলে অভিযোগ কৰিছে ৷ মাদকদ্ৰব্যৰ জৰিয়তে যিখন ৰাজ্যই কৰ সংগ্ৰহ‌ কৰিব লগা হৈছে সেইখন ৰাজ্যই দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিব বুলি কৰা মন্তব্য গছত গৰু উঠাৰ দৰে অস্বাভাৱিক ।

অঃজাঃযুঃছাঃপৰ সভাপতিগৰাকীয়ে আৰু কয় যে আয়ৰ উৎস নথকাৰ বাবে মূল্যবৃদ্ধিৰ কৱলত পৰিছে ৰাজ্যবাসী ৷ যেতিয়ালৈকে আয়ৰ উৎস নাথাকে তেতিয়ালৈকে এনেধৰণৰ মূল্যবৃদ্ধিৰ ফল ভূগিব অসমীয়া খাটি খোৱা জনতাই ৷ চাহ আৰু কয়লাৰ ৰয়েলিটি লাভ কৰা হ’লে বানপীড়িতসকলৰ বাবে অসম চৰকাৰে সাহায্য আগবঢ়াব পাৰিলেহেঁতেন বুলিও পলাশ চাংমাইয়ে কয় ৷

সমষ্টি সংৰক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত মন্তব্য কৰি পলাশ চাংমাইয়ে উল্লেখ কৰে যে এই ব্যৱস্থাই অনাদি-অনন্তকাললৈ খিলঞ্জীয়াক সুৰক্ষিত নকৰে ৷ ইয়াৰ বাবে ভূমি অধিকাৰ প্ৰদান কৰিব লাগিব খিলঞ্জীয়াক । বিজেপিৰ সভাপতি ভৱেশ কলিতাই উলোটাকৈ পতাকা উত্তোলন কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমালোচনা কৰে চাংমাইয়ে ৷

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলক সদায় উপক্ষিত কৰি অহা বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ অনিয়মীয়া বিদ্যুৎ যোগানৰ সন্দৰ্ভত APDCLক দালাল আখ্যা নেতাগৰাকীৰ ৷ শাসনৰ নেতৃত্বত থকা নেতা-কৰ্মীসকল সমাজ বিৰোধী কাৰ্যকলাপত জড়িত থকা উচিত নহয় বুলি উল্লেখ কৰে পলাশ চাংমাইয়ে ৷

লগতে পঢ়ক: Indrani Tahbildar Death: ইন্দ্ৰানী টহবিলদাৰ আত্মহত্যাত একো ক’ব খোজা নাই মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.