ETV Bharat / state

মৰিগাঁৱত এজেপিৰ একাধিক নিৰ্বাচনী কাৰ্যালয় মুকলি - ajp election office launch

অসম জাতীয় পৰিষদে ঠায়ে ঠায়ে মুকলি কৰিছে নিৰ্বাচনী কাৰ্যালয়সমূহ । মৰিগাঁও বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই । মৰিগাঁও গছৰগুৰি মানিপুৰ, নটুৱা গাঁও আদি ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সাংবাদিক গৰাকীয়ে ।

মৰিগাঁৱত এজেপিৰ একাধিক নিৰ্বাচনী কাৰ্যালয় মুকলি

author img

By

Published : Mar 18, 2021, 7:38 PM IST

মৰিগাঁও,১৮ মাৰ্চ: প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদে ঠায়ে ঠায়ে মুকলি কৰিছে নিৰ্বাচনী কাৰ্যালয়সমূহ । মৰিগাঁও বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই । মৰিগাঁও গছৰগুৰি মানিপুৰ, নটুৱা গাঁও আদি ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সাংবাদিক গৰাকীয়ে ।

কাৰ্যালয় মুকলি কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে বিজেপি চৰকাৰে পাঁচ বছৰত একো কৰিব নোৱাৰিলে নাই কিন্তু সেই বুলি কোনোবাই আহি অদ্ভূত মন্তব্য কৰিব সেয়া কোনো স্বাভিমানী জাতিয়ে মানি ল'ব নোৱাৰে । তেওঁ লগতে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লাচিত বৰফুকনক স্বাধীনতাৰ সেনানী সজাই অসমীয়া স্বাভিমানক চৰম অপমান কৰিলে । বুধবাৰে যোগী আদিত্যনাথে গুৰুজনা সম্পৰ্কত কৰা মন্তব্যৰো সমালোচনা কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।

অৱশ্যে মাইনী মহন্তই প্ৰত্যক্ষভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী বাণীকান্ত দাসক ভোট দিবলৈ কোৱাৰ বিপৰীতে উপস্থিত ৰাইজক বিবেক ভোট প্ৰদানৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: নিৰ্বাচন বর্জনৰ সিদ্ধান্ত চৰাইদেউৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.