মৰিগাঁও, 22 ডিচেম্বৰঃ মৰিগাঁৱত ছয় তিৱা সংগঠনে 6 জানুৱাৰীত ঘোষণা কৰা মধ্য অসম বন্ধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধৰ লগতে অনশন কাৰ্যসূচী বাতিল কৰে৷ দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পিচতে সংগঠন কেইটাই এই ঘোষণা কৰে৷
সদৌ তিৱা ছাত্ৰ সন্থা ,তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সুৰক্ষা সমিতি , তিৱা মহিলা কল্যাণ সমিতিকে ধৰি ছয়টা তিৱা সংগঠনে মৰিগাঁৱৰ এক CAA বিৰোধী প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ, 30 ডিচেম্বৰত অনশন আৰু 6 জানুৱাৰীত মধ্য অসম বন্ধৰ ঘোষণা কৰিছিল৷ উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদান, পৰিষদৰ বহিঃভূত তিৱা গাঁও সমূহক তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত কৰা, ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা প্ৰবৰ্ত্তন কৰি শিক্ষক নিযুক্তি দিয়া, তিৱা বেল্ট এণ্ড ব্লক সমূহক বেদখল কৰাকে ধৰি মূল চাৰিটা দাবী পুৰণৰ বাবে তিৱা জাতীয় সংগঠনকেইটাই এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল । কিন্তু দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত সংগঠন কেইটাই সকলো প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।
লগতে পঢ়ক - কটকত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল