ETV Bharat / state

অভিনেত্ৰী উৰ্মিলা মহন্তই পিতৃক জন্মদিনত দিয়া উপহাৰে দৃষ্টি আকৰ্ষণ কৰিলে শিক্ষা বিভাগৰ

author img

By

Published : Sep 23, 2020, 10:33 AM IST

Updated : Sep 23, 2020, 1:24 PM IST

পিতৃৰ জন্মদিনত অভিনেত্ৰী উৰ্মিলা মহন্তই দিয়া জন্মদিনৰ উপহাৰে দৃষ্টি আকৰ্ষণ কৰিলে শিক্ষা বিভাগৰ ৷ কড়িৰ পৰা বৰ্তমানৰ ইন্টাৰনেট বেংকিঙলৈ অতীজৰে পৰা প্ৰচলিত মূল্য নিৰ্ধাৰণৰ পৰিক্ৰমাক সামৰি পিতৃয়ে লিখা কবিতাৰ দৃশ্য-শ্ৰব্য সম্পাদনা কৰি পিতৃক উপহাৰ হিচাপে প্ৰদান কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ বিৱৰ্তন শীৰ্ষক কবিতাটোক ছাত্ৰ ছাত্ৰীৰ বাবে নিৰ্বাচন ৰাজ্যৰ শিক্ষা বিভাগৰ ৷

অভিনেত্ৰী উৰ্মিলা মহন্তই পিতৃক দিয়া জন্মদিনৰ উপহাৰে দৃষ্টি আকৰ্ষণ কৰিলে শিক্ষা বিভাগৰ

মৰিগাওঁ, 23 চেপ্তেম্বৰ: জন্মদিনটোক লৈ প্ৰত্যেক গৰাকী ব্যক্তিৰেই থাকে কিছু হেঁপাহ, কিছু আশা ৷ শুভেচ্ছাৰ পৰা আৰম্ভ কৰি জন্মদিনত লাভ কৰা বিভিন্ন উপহাৰে প্ৰত্যেক গৰাকী ব্যক্তিকে এক বিশেষ অনুভৱ দি যায় ৷ সাধাৰণতেই জন্মদিনৰ উপহাৰ বুলি ক'লেই বস্তুবাদী সামগ্ৰীয়ে সকলোৰে মনস্তত্ব আৱৰি ৰখা এই যুগতে বলিউদৰ এগৰাকী সফল অভিনেত্ৰী তথা অসম জীয়ৰী উৰ্মিলা মহন্তই পিতৃৰ ৭৫ সংখ্যক জন্মদিনত নিজেই আবৃত্তি কৰি উপহাৰ দিয়া কবিতাটোৱে এতিয়া লাভ কৰিছে বিশেষ সমাদৰ ৷

পিতৃলৈ জন্মদিনত উৰ্মিলা মহন্তৰ ব্যতিক্ৰমী উপহাৰ

কড়িৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ইন্টাৰনেট বেংকিঙলৈকে, ৰজা মহাৰজাৰে দিনৰে পৰা বিনিময়ৰ অন্যতম আহিলা হিচাপে পৰিগণিত হৈ অহা মুদ্ৰাৰ আছে এক বৰ্ণাঢ্য পৰিক্ৰমা ৷ যুগৰ পৰিৱৰ্তনৰ লগে লগে মুদ্ৰাৰ মূল্য , আকাৰ-আকৃতিৰ পৰা আৰম্ভ কৰি বিনিময়ৰ মাধ্যমৰ ব্যাপক সালসলনি ঘটিছে ৷ মুদ্ৰাৰ প্ৰচলনৰ এই পৰিক্ৰমাক সামৰি কবিতাৰ ৰূপ দিছে কবি গিৰিধৰ মহন্তই ৷ 'বিৱৰ্তন’ শীৰ্ষক এই কবিতাটোৱে এতিয়া লাভ কৰিছে শিক্ষা বিভাগৰ সমাদৰ ৷ পিতৃৰ জন্মদিনত গিৰিধৰ মহন্তৰ জীয়ৰী উৰ্মিলা মহন্তই পিতৃয়ে ৰচনা কৰা কবিতাটোক দৃশ্য-শ্ৰব্যৰ ৰূপ প্ৰদান কৰি জন্মদিনৰ উপহাৰ হিচাপে প্ৰদান কৰাৰ পাছতে এতিয়া কবিটাতোৱে ৰাজ্যৰ শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

কবিতাটোৰ মূল বিষয়বস্তু হৈছে কড়িৰ পৰা আৰম্ভ হৈ বৰ্তমান টকা হিছাপে পৰিগনিত মুদ্ৰাৰ সমগ্ৰ পৰিক্ৰমা ৷ এই কবিতাটোৰ জড়িয়তে শিক্ষাৰ্থীসকলে মুদ্ৰাই মান্যতা লাভ কৰাৰ সময়ৰ পৰা বৰ্তমানলৈ হোৱা পৰিৱৰ্তনৰ এক তথ্যসমৃদ্ধ আভাস পাব ৷ বৰ্ষীয়ান কবি গৰাকীয়ে জনোৱা মতে বিৱৰ্তন নামৰ এই কবিতাটোক এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ বাবে নিৰ্বাচন কৰিছে আৰু কবি গৰাকীয়েও এইক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে ৷

উল্লেখযোগ্য যে কবি গিৰিধৰ মহন্ত সোণাপুৰৰ এগৰাকী বিশিষ্ট তথা সক্ৰিয় সমাজকৰ্মী । কবিতাটি আবৃত্তি আৰু দৃশ্য-শ্ৰব্য গ্ৰহনেৰে পিতৃক উপহাৰ দিয়া তেওঁৰ কন্যা উৰ্মিলা মহন্ত এগৰাকী সফল অভিনেত্ৰী ৷ অসমীয়া কথাছবিৰ পৰা আৰম্ভ কৰি বলিউদৰ বিশেষভাৱে সমাদৃত ছবি পেডমেন, মাঁঝি দ্য মাউন্টেইন মেন তথা অন্য ভাষাৰ বহুকেইখন ছবিত অভিনয় কৰা কন্যাই দিয়া এই উপহাৰৰ শলাগ লয় ৷
লগতে পঢ়ক: শিৱসাগৰত অৱহেলিত 90 বছৰ পুৰণি ঐতিহাসিক ভৱন

Last Updated : Sep 23, 2020, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.