ETV Bharat / state

19 টা বছৰে উপেক্ষিত এগৰাকী মহিলা : পথৰ কাষত এখন টিনৰ চালিৰ তলতে কটাইছে জীৱন - প্ৰণাম

সাধুকথাত শুনা এগৰাকী লাগী আৰু এগৰাকী এলাগী কাহিনীৰ যেন এয়া পুনৰাবৃত্তি ৷ প্ৰায় দুটা দশক ধৰি এলাগীৰ জীৱন কটাই আহিছে এগৰাকী উপেক্ষিত মাতৃয়ে ৷ পথৰ দাঁতিৰ এখন টিনৰ চালিৰ তলতে এসাঁজ খাই এসাঁজ লঘোণ দি মৃত্যুৰ ক্ষণ গণিছে মৰিগাঁৱৰ কণ্টিলা দাসে ৷

marigoan
author img

By

Published : Apr 6, 2019, 10:06 AM IST

মৰিগাঁও , 06 এপ্ৰিল : আইৰ সমান হ’ব কোন ? নৈ সমান ব'ব কোন ? হয় , আই সমান কোনো হ’ব নোৱাৰে। পিছে এনে মমতাময়ী,কৰুণাময়ী মাতৃ যেতিয়া উপেক্ষিত হয় ৷ যিখিনি সময়ত পৌঢ় পিতৃমাতৃৰ ভৰণ পোষণ বাবে ৰাজ্যত প্ৰণয়ন হৈছে প্ৰমাণ আইন , তেনে সময়তে মৰিগাঁৱত এগৰাকী মাতৃৰ 19 বছৰীয়া দুৰ্বিসহ উপেক্ষিত জীৱন । এষাৰি নিদানৰ মাত দিবলৈ নাই কাৰো আহৰি । কণ্টিলা দাস নামৰ মৰিগাঁৱৰ মাতৃ গৰাকীয়ে বিগত 19 বছৰে পাৰ কৰিছে এক অবৰ্ণনীয় জীৱন । প্ৰয়াত স্বামী লক্ষীকান্ত দাসৰ মাটি বাৰী ,ঘৰ থকাৰ পাছতো এই পথৰ দাঁতিৰ এখন টিনচালিৰ তলতে এসাঁজ খাই এসাঁজ লঘোণে থাকি মৃত্যুৰ ক্ষণ গণিছে ।

19 টা বছৰে উপেক্ষিত এগৰাকী মহিলা

কণ্টিলা দাসৰ স্বামীয়ে দুগৰাকী বিয়াপতাৰ পাছতে এলাগী হৈ পৰিল প্ৰথমা পত্নী । সৰু পত্নী আৰু তেঁওৰ পুত্ৰই মাটি বাৰী,সম্পত্তিৰ ভাগ নিদিয়াত মৰিগাঁও চহৰৰ এৰাগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাষত পথৰ দাঁতিত টিনৰ চালিৰ তলতে বিধবা জীয়েক আৰু জী নাতিৰ সৈতে বাস কৰি আহিছে । অকাল বৈধব্যক সাৱতি লোৱা কন্যা পূৰ্ণিমাই আনৰ ঘৰত কাম কৰি বৃদ্ধ মাতৃক দিয়ে পোহপাল । মনকৰিবলগীয়া যে, মৰিগাঁও ন্যায়ালয়ত প্ৰাপ্য অধিকাৰৰ বাবে সৰুগৰাকী মাতৃৰ সন্তানৰ বিৰুদ্ধে গোচৰ অব্যাহত আছে । ন্যায়ালয়ৰ নিদ্দেৰ্শনাকো কেৰেপ নকৰে সৰু মাতৃৰ সন্তানে । ফলত অতি দৃষ্টিকটুভাৱে মানৱতাক ভেঙুচালি কৰি এনেদৰে মৃত্যু অথবা ন্যায়ৰ আশাত বন্দী এইগৰাকী অৱহেলিত শতায়ু গৰকা মাতৃ ।

মৰিগাঁও , 06 এপ্ৰিল : আই সমান হব কোন ? নৈ সমান ব'ব কোন ? হয় , আই সমান কোনো হব নোৱাৰে। পিছে এনে মমতাময়ী,কৰুণাময়ী মাতৃ যেতিয়া উপেক্ষিত হয় ৷ যিখিনি সময়ত পৌঢ় পিতৃমাতৃৰ ভৰণ পোষণ বাবে ৰাজ্যত প্ৰণয়ন হৈছে প্ৰমাণ আইন , তেনে সময়তে মৰিগাঁৱত এগৰাকী মাতৃৰ 19 বছৰীয়া দূৰ্বিসহ উপেক্ষিত জীৱন। এষাৰি নিদানৰ মাত দিবলৈ নাই কাৰো আহৰি।  কণ্টিলা দাস নামৰ মৰিগাঁৱৰ মাতৃ গৰাকীয়ে বিগত 19 বছৰে পাৰ কৰিছে এক অবৰ্ণনীয় জীৱন। প্ৰয়াত স্বামী লক্ষীকান্ত দাসৰ মাটি বাৰী ,ঘৰ থকাৰ পাছতো এই পথৰ দাঁতিৰ এখন টিনচালিৰ তলতেএখাজ খাই এখাজ লঘোণে থাকি মৃত্যুৰ ক্ষণ গণিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.